Monday, August 3, 2026
Homeঅসমৰাজ্যত বতৰে ল’ব কালৰূপ

ৰাজ্যত বতৰে ল’ব কালৰূপ

বানত বিধ্বস্ত হৈছে উজনি অসমৰ ৪খনকৈ জিলা। এতিয়া বহু বন্যাৰ্ত আশ্ৰয় শিবিৰৰ পৰা ঘৰলৈ যাব পৰা নাই। ইয়াৰ মাজতে ৰাজ্যত বতৰ বিজ্ঞান বিভাগে পুনৰ সতৰ্কবাণী জাৰি কৰিছে।

কোকৰাঝাৰ, চিৰাং, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া জিলাত আজি বতৰ বিজ্ঞান কেন্দ্ৰ Orange Alert জাৰি কৰিছে। Orange Alert জাৰি কৰা জিলাকেইখনৰ দুই এঠাইত প্ৰবলৰ পৰা অতিপ্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

দক্ষিণ শালমাৰা মানকাচৰ, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বজালী, বাক্সা, নলবাৰী, কামৰূপ, কামৰূপ(মহানগৰ), দৰং, মৰিগাঁও, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, কাৰ্বি আংলং, গোলাঘাট, বিশ্বনাথ, মাজুলী, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় জিলাত আজি বতৰ বিজ্ঞান কেন্দ্ৰই Yellow Alert জাৰি কৰিছে

কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও আৰু বৰপেটা জিলাত মঙলবাৰে বতৰ বিজ্ঞান কেন্দ্ৰ Orange Alert জাৰি কৰিছে। Orange Alert জাৰি কৰা জিলাকেইখনৰ দুই এঠাইত প্ৰবলৰ পৰা অতিপ্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

দক্ষিণ শালমাৰা মানকাচৰ, ধুবুৰী, গোৱালপাৰা, বজালী, বাক্সা, নলবাৰী, কামৰূপ, কামৰূপ(মহানগৰ), তামুলপুৰ, ওদালগুৰি, দৰং, মৰিগাঁও, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, কাৰ্বি আংলং, গোলাঘাট, বিশ্বনাথ, শোণিতপুৰ, মাজুলী, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ আৰু ধেমাজি জিলাত মঙলবাৰে বতৰ বিজ্ঞান কেন্দ্ৰই Yellow Alert জাৰি কৰিছে।বতৰ বিজ্ঞান কেন্দ্ৰই Yellow Alert জাৰি কৰা জিলাকেইখনত দুই এঠাইত প্ৰবল বৰষুণৰ লগতে বিজুলী আৰু ঢেৰেকনিসহ ব্ৰজপাত অহাৰ সম্ভাৱনা আছে

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments