Tuesday, July 28, 2026
HomeৰাজনৈতিকCJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ

CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ

  • CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ
  • কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰে হোৱা বৈঠকৰ অন্তত এই সিদ্ধান্ত
  • দিল্লীৰ কনষ্টিটিউচন ক্লাবত অনুষ্ঠিত হৈছিল দুয়োপক্ষৰ বৈঠক
অৱশেষত প্ৰতিবাদ প্ৰত্যাহাৰ কৰিলে CJPএ। CJP আৰু চৰকাৰৰ মাজত আলোচনাৰৰ অন্তত যন্তৰ-মন্তৰত চলি থকা বৃহৎ আন্দোলনৰ অন্ত পৰা কথা ঘোষণা কৰিলে CJPএ। আজি কিছুসময় পূৰ্বে ‘ককৰোচ জনতা পাৰ্টি’য়ে চৰকাৰৰ সৈতে যৌথ সংবাদমেল অনুষ্ঠিত কৰি নিজৰ প্ৰতিবাদ প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে।
এই আন্দোলনৰ আটাইতকৈ ডাঙৰ দাবীটো পূৰণ হৈছে আৰু শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ইতিমধ্যে পদত্যাগ কৰিছে।
ইয়াৰ লগতে প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে ৰুজু কৰা সকলো গোচৰ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰ মান্তি হৈছে। জে. পি. নড্ডাৰ উপস্থিতিত চৰকাৰে NEET পৰীক্ষাৰ ভুক্তভোগীসকলৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰো আশ্বাস প্ৰদান কৰিছে। CJPৰ মতে চৰকাৰে তেওঁলোকৰ মুখ্য চৰ্তসমূহ মানি লৈছে, যাৰ বাবে এক সু-সম্পৰ্ক আৰু সদ্ভাৱনাৰ পৰিৱেশত ধৰ্ণা কাৰ্যসূচী সমাপ্ত কৰাৰ সিদ্ধান্ত লোৱা হয়।
চৰকাৰ আৰু CJPৰ প্ৰতিনিধি দলৰ মাজত তিনিটা পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়। পিছত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সন্মতি প্ৰকাশ পায়। CJPৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাই জনোৱা মতে তেওঁলোকৰ তিনিটা মুখ্য দাবী আছিল। প্ৰথম দাবী আছিল শিক্ষা মন্ত্ৰীৰ পদত্যাগ, যিটো পূৰণ হৈছে। দ্বিতীয় দাবী আছিল দিল্লী আৰু বিজেপি শাসিত ৰাজ্যসমূহত ৰুজু কৰা FIR প্ৰত্যাহাৰ কৰা; চৰকাৰে ইয়াতো সম্পূৰ্ণ সন্মতি প্ৰকাশ কৰিছে। চৰকাৰে অনাগত ৩-৪ দিনৰ ভিতৰত এই FRIসমূহৰ প্ৰতিলিপি CJPক হস্তান্তৰ কৰিব। ইয়াৰ উপৰিও ভৱিষ্যতে CJP টীমৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ব বুলিও জনাইছে। চৰকাৰে মঙলবাৰৰ ভিতৰত ইয়াৰ এটা লিখিত খচৰা (Draft) প্ৰকাশ কৰিব।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments