Tuesday, July 28, 2026
Homeঅসমৰাজ্যৰ ২৫খনকৈ জিলাৰ ১১ লাখৰো অধিক লোক পৰিছে বানৰ কবলত

ৰাজ্যৰ ২৫খনকৈ জিলাৰ ১১ লাখৰো অধিক লোক পৰিছে বানৰ কবলত

ৰাজ্যৰ ২৫খনকৈ জিলাত বানৰ প্ৰভাৱ। এইবৰ্ষৰ ২৯ এপ্ৰিলৰ পৰা ২৪ জুলাইলৈ ৰাজ্যৰ ২৫খনকৈ জিলা পৰিছে বানৰ কবলত। চৰকাৰী তথ্য অনুসৰি গোৱালপাৰা, কাছাৰ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, যোৰহাট, বিশ্বনাথ, চৰাইদেউ, নলবাৰী, বৰপেটা, চিৰাং, কোকৰাঝাৰ, বঙাইগাঁও, বজালী, শিৱসাগৰ, দৰং, শোণিতপুৰ, তিনিচুকীয়া, ওদালগুৰি, গোলাঘাট, নগাঁও, কাৰ্বি আংলং, কামৰূপ, কামৰূপ (মহানগৰ), হোজাই জিলা পৰিছে বানৰ কবলত।

ৰাজ্যৰ ৭৭টা ৰাজহ চক্ৰ ২,১০১খনকৈ গাঁও পৰিছে বানৰ কবলত। বানত প্ৰভাৱিত হৈছে ১১,০০,৮২০গৰাকীকৈ লোক। এতিয়ালৈকে ১৭০টা সাহায্য শিবিৰত ৪৫,০৩৫গৰাকী লোকে আশ্ৰয় লৈছে। ১,৩০৪টা সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰি বন্যাৰ্তক অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে। এইবৰ্ষত বানত মৃত্যু হৈছে ৬২গৰাকীকৈ লোক আনফালে এতিয়াও নিখোজ হৈ আছে ৭গৰাকীকৈ লোক। বানৰ ফলত সম্পূৰ্ণ ক্ষতিগ্ৰস্ত হৈছে ৪০১ঘৰ। আংশিকভাৱে ক্ষতিগ্ৰস্ত ১৮,৫৮৮টা ঘৰ। চৰকাৰী তথ্য অনুসৰি এতিয়ালৈকে বানৰ পৰা সুকলমে উদ্ধাৰ কৰা হৈছে ২৯,৯১০গৰাকীকৈ লোকক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments