Thursday, November 7, 2024
Homeআন্তঃৰাষ্ট্ৰীয়পিতৃ-পুত্ৰ একেটা বিভাগতে লাভ কৰিছে নবেল বঁটা

পিতৃ-পুত্ৰ একেটা বিভাগতে লাভ কৰিছে নবেল বঁটা

ডিজিটেল ডেস্ক, ANEWS24X7: ৪০ বছৰৰ পূৰ্বে পিতৃয়ে লাভ কৰিছিল নবেল বঁটা ৷ ৪০ বছৰৰ পিছত পুত্ৰয় একেটা বিভাগতে লাভ কৰিলে নবেল বঁটা ৷ ১৯৮২ চনত কাৰ্ল চেউন ডেট্টলফ বাৰ্গষ্ট্ৰোমে ফিজিঅ’লজী বিভাগত নবেল বঁটা লাভ কৰিছিল ৷ সোমবাৰে চুইডেনৰ কাৰোলিন্সকা ইনষ্টিটিউটৰ নবেল এচেম্বলীয়ে কাৰ্ল চেউন ডেট্টলফ বাৰ্গষ্ট্ৰোমৰ পুত্ৰ এসভান্তে পাবোৰ নাম ঘোষণা কৰে ৷

নবেল ফাউণ্ডেচনৰ সৈতে হোৱা এক সাক্ষাৎত পাবোৱে কয় যে , ‘‘তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ অনুপ্ৰেৰণা হৈছে তেওঁৰ মাতৃ কৰিন পাবো৷তেওঁ এগৰাকী ৰাসায়নবিদ আছিল ৷ দেউতাকৰ সৈতে বেছি ঘনিষ্ঠতা নাছিল ৷ দেউতাৰ কামে মোক সদায় আকৰ্ষিত কৰি আহিছে ৷’’ দেউতাৰ পৰা মই এটা শিক্ষা লাভ কৰিছো সেইটো হৈছে ‘‘নবেল বঁটা বিজয়ীসকলো সাধাৰণ মানুহো।’’


পাবোৰ জন্ম চুইডেনত হৈছিল ৷ নিয়াণ্ডাৰথাল আজিৰ মানৱ প্ৰজাতিৰ এক বিলুপ্ত পূৰ্বপুৰুষ৷পাবোৱে সেই নিয়াণ্ডাৰথালৰ জিনম পৰীক্ষা কৰিছিল ৷ চুইডিছ বিজ্ঞানীজনে বৰ্তমানৰ মানৱ প্ৰজাতিৰ আন এক পূৰ্বপুৰুষ হোমিনিনকো অধ্যয়ন কৰিছিল ৷তেওঁৰ অধ্যয়নত প্ৰকাশ পায় যে, বিলুপ্ত প্ৰজাতিৰ পৰা বৰ্তমানৰ মানৱ প্ৰজাতিলৈ জিনবোৰ পৰিবৰ্তন হৈছে ৷

উল্লেখ্য যে, পিতৃ আৰু পুত্ৰই নবেল বঁটা লাভ কৰা এইটোৱে প্ৰথম ঘটনা নহয়।ইয়াৰ পূৰ্বে ১৯২৫ চনত মান চেগবানে পদাৰ্থ বিজ্ঞানত নবেল বঁটা লাভ কৰিছিল ৷ ১৯৮১ চনত তেওঁৰ পুত্ৰ কাইয়ে লাভ কৰে নবেল বঁটা ৷ ইয়াৰৰ ওপৰিও ১৯৫৯ চনত মেডিচিন বিভাগত আৰ্থাৰ কোৰবাৰ্গে নবেল বঁটা লাভ কৰিছিল৷২০০৬ চনত তেওঁৰ পুত্ৰ ৰজাৰকে ৰাায়ন বিজ্ঞান বিভাগত নবেল বঁটা লাভ কৰিছিল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments