Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়ডিজিপি হেমন্ত কুমাৰ লোহিয়া হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

ডিজিপি হেমন্ত কুমাৰ লোহিয়া হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক, ANEWS24X7: জম্মু-কাশ্মীৰৰ কাৰাগাৰ সঞ্চালক প্ৰধান হেমন্ত কুমাৰ লোহিয়া হত্যাকাণ্ডৰ মূল অভিযুক্ত য়াছিৰ আহমেদক গ্ৰেপ্তাৰ ৷ মঙলবাৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে চলোৱা তালাচী অভিযানত আৰক্ষীৰ জালত পৰে য়াছিৰ৷য়াছিৰ আহমেদ ডিজিপি হেমন্ত কুমাৰ লোহিয়াৰ ঘৰুৱা সহায়ক হিচাপে কৰ্মৰত আছিল ৷

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে য়াছিৰ আহমেদৰ এখন ডায়েৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷ডায়েৰীখনৰ এটা ঠাইত লিখা আছে, ‘‘ মৰমৰ মৃত্যু, মোৰ জীৱনলৈ আহক।মই দুঃখিত, বেয়া দিন চলি আছে।’’ এই ডায়েৰীখনৰ ভিত্তিতে জম্মু-কাশ্মীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে য়াছিৰ আহমেদক ৷ইয়াছিৰ হতাশাত ভোগি আছিল বুলি দাবী কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীয়ে ৷

আনহাতে জ্যেষ্ঠ আৰক্ষী বিষয়া হেমন্ত কুমাৰ লোহিয়াৰ হত্যাৰ দ্বায়িত্ব স্বীকাৰ কৰিছে লস্কৰ-ই-তৈবাৰ ভাৰতীয় শাখা পিপলছ এন্টি-ফেচিষ্ট-ফ’ৰ্চে । সন্ত্ৰাসবাদী সংগঠনটোৱে অমিত শ্বাহৰ ভ্ৰমণৰ সময়ত ইয়াক “সৰু উপহাৰ” বুলি বৰ্ণনা কৰিছে ।

এডিজিপি মুকেশ সিঙে ঘটনা সন্দৰ্ভত কয় যে ,‘‘জম্মু-কাশ্মীৰ আৰক্ষীয়ে সোমবাৰে নিশাৰ পৰা তালাচী অভিযান আৰম্ভ কৰিছিল। অভিযুক্তজনক হেমন্ত লোহিয়া হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্তজনক জেৰা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।জেৰা অন্তত স্পষ্ট হ’ব হত্যাকাণ্ডৰ আঁৰৰ কাৰণ ৷’’

উল্লেখ্য যে অভিযুক্তই প্ৰথমে লোহিয়াক ডিঙি চেপি হত্যা কৰিছিল আৰু পিছত তেওঁক কাটিবলৈ বটল ব্যৱহাৰ কৰিছিল ।জ্যেষ্ঠ আৰক্ষী বিষয়া হেমন্ত কুমাৰ লোহিয়াক যোৱা আগষ্ট মাহত কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ কাৰাগাৰৰ সঞ্চালক প্ৰধান হিচাপে পদোন্নতি দি নিযুক্তি দিয়া হৈছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments