ডিজিটেল ডেস্ক, ANEWS24X7: আপোনাৰ শিশুটোক কোনটো কফ চিৰাপ খুৱাই ? কফ চিৰাপ খোৱাওঁতে সাৱধান হওঁক বিশ্ব স্বাস্থ্য সংস্থাই জাৰি কৰিছে সতৰ্কবাণী ।ভাৰতত নিৰ্মাণ কৰা চাৰিটা কফ চিৰাপকলৈ সতৰ্কবাণী জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ।মেইডেন ফাৰ্মাৰ্চিউটিকেল অৱ ইণ্ডিয়াৰ দ্বাৰ নিৰ্মিত প্ৰোমেথাজিন ওৰাল চলিউচন, কফেক্সমালিন বেবি কফ চিৰাপ, মেকফ বেবি কফ চিৰাপ আৰু মাগৰিপ এন কোল্ড চিৰাপক লৈ সতৰ্কতা জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ৷
বুধবাৰে এক সংবাদ মেলযোগে এই কথা সদৰী কৰে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে৷ইয়াৰ পিছতে বৃহস্পতিবাৰে এই ৪টা কফ চিৰাপৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ৷ এই কফ চিৰাপ কেইটা শিশু সকলৰ বাবে ঘাটক আখ্যা দিছে হু’ৱে ৷ এই চিৰাপ সেৱন কৰাৰ ফলত শিশু সকলৰ বৃক্ক বিকল হৈ পৰাৰ লগতে অন্যান্য অংগ সমূহো বিকল হৈ পৰে ৷
গম্বিয়াত এই চাৰিটা কফ চিৰাপৰ অৱস্থিতি ধৰা পৰিছে । ইয়াৰ পিছতে বিশ্বৰ অন্যান্য দেশ সমূহত এই কেইবিধ ঔষধ আমদানি আৰু ৰপ্তানি কৰাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে । ডাইথেলেন গ্লাইকল হৈছে গ্লিচাৰিনৰ সস্তীয়া পৰিপূৰক ।ডাইথেলেন গ্লাইকল হৈছে এক প্ৰকাৰৰ নেফ্ৰ’টক্সিক ।
উল্লেখ্য যে কম মূল্যত উপলব্ধ এই ঔষধ সেৱনৰ ফলত গম্বিয়াত ৬৬ টা শিশুৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ৷ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্মাতা আৰু নিয়ামক সংস্থাৰ সৈতে এক যুটীয়া অনুসন্ধান আৰম্ভ কৰিছে।