Tuesday, July 8, 2025
Homeৰাজনৈতিকপ্ৰাসংগিক নহয় জাতি আৰু বৰ্ণৰ ধাৰণাঃ মোহন ভাগৱত

প্ৰাসংগিক নহয় জাতি আৰু বৰ্ণৰ ধাৰণাঃ মোহন ভাগৱত

ডিজিটেল ডেস্ক, ANEWS24X7: জাতি আৰু বৰ্ণৰ ধাৰণাটো সম্পূৰ্ণৰূপে বিলুপ্ত কৰিব লাগে ৷ জাতি ব্যৱস্থাৰ আৰু কোনো প্ৰাসংগিকতা নাই বৌষম্য সৃষ্টি কৰিব পৰা সকলো ধাৰণা বাতিল ঘোষণা কৰিব লাগে ৷ এই মন্তব্য কৰিছে আৰএছএছ প্ৰধান মোহন ভাগৱতে ৷

শুক্ৰবাৰে নাগপুৰত এক গ্ৰন্থ উন্মোচন অনুষ্ঠানত এই মন্তব্য কৰিছে মোহন ভাগৱতে ৷ মদন কুলকাৰ্ণী আৰু ৰেণুকা বোকাৰৰ ‘বজ্ৰশিৰী টেংক’ শীৰ্ষক গ্ৰন্থ খন উন্মোচন কৰি ভাগৱতে জাতি আৰু জাতি ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে ৷ তেওঁ কয় যে , ‘‘সামাজিক ঐক্যৰ ধাৰণাটো ভাৰতীয় সংস্কৃতিত নিহিত হৈ আছে ৷ কিন্তু জাতি আৰু জাতি ব্যৱস্থাৰ বাবে দেশৰ সামাজিক ঐক্য ধ্বংস হৈ আছে ৷যদি কোনোবাই জাতি আৰু বৰ্ণৰ দৰে প্ৰাচীন বিষয়টো উত্থাপন কৰে, তেন্তে উত্তৰ দিব লাগিব যে এইবোৰ এতিয়া অতীত। গতিকে অতীতক পাহৰি যাওক।’’

ভাগৱতে লগতে কয় যে , ‘‘সকলো দেশতে পূৰ্বপুৰুষসকলে কিছুমান ভুল কৰিছিল। একেদৰে, ভাৰতৰ বৰ্তমান প্ৰজন্মইও পূৰ্বপুৰুষসকলৰ ভুলবোৰ বুজি পাব আৰু সেইবোৰ সংশোধন কৰিব’’

উল্লেখ্য যে আৰএছএছ প্ৰধান মোহন ভাগৱতৰ এই মন্তব্য কোনো নতুন কথা নহয়। ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই জাতিহীন ‘অখণ্ড ভাৰত সমাজ’ গঢ়ি তোলাৰ কথা কৈছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments