ডিজিটেল ডেস্ক, ANEWS24x7: বিতৰ্কত বহুজাতিক কোম্পানী ইনফোচিছ ৷ ইনফোচিছৰ বিৰুদ্ধে নতুন নিযুক্তিৰ ক্ষেত্ৰত বৈষম্য মূলক আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে সংস্থাটোৰ জিল প্ৰিজন নামৰ এগৰাকী প্ৰাক্তন মহিলা কৰ্মচাৰীয়ে ৷ এই সন্দৰ্ভত মহিলাগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতত এক গোচৰ ৰুজু কৰিছে৷
জিল প্ৰিজনৰ অভিযোগ অনুসৰি কোম্পানীটোৰ পৰা ভাৰতীয় , সন্তান ধাৰণকাৰী মহিলা আৰু ৫০ বছৰৰ উৰ্দ্ধৰ ব্যক্তিক চাকৰি প্ৰদান নকৰিবলৈ নিৰ্দেশ দিছিল ৷ এনেবোৰ কাৰণত জিল প্ৰিজনে চাকৰি এৰিছিল বুলি দাবী কৰে ৷ ইয়াৰ বিপৰিতে ইনফোচিছে অভিযোগ কৰে যে লি প্ৰিজনে কোম্পানীৰ নিয়ম অমান্য কৰাৰ বাবে বখ্যাস্ত কৰা হৈছিল৷
সংবাদ মাধ্যমৰ খবৰ অনুসৰি আদালতে এই গোচৰ সন্দৰ্ভত ৩০ ছেপ্টেম্বৰত এক ৰায় প্ৰদান কৰিছে ৷ অহা ২১ দিনৰ ভিতৰত ইনফোচিছে এই ঘটনা সন্দৰ্ভত আদালতত প্ৰতিবেদন দাখিল কৰিব লাগিব ৷
উল্লেখ্য যে বিগত বৰ্ষত জিল প্ৰিজনে এই সন্দৰ্ভত আদালতত দাৰস্ত হৈছিল ৷ সেই সময়ত ইনফোচিছে জিল প্ৰিজনৰ বিৰুদ্ধে উলোটাই গোচৰ ৰুজু কৰিছিল ৷জিল প্ৰিজনৰ গোচৰ খাৰিচ কৰিব লাগে বুলি আদালতত আবেদনো কৰিছিল ৷