Thursday, November 7, 2024
Homeঅৰ্থনীতিকেতিয়া ঘুৰাই অনা হ’ব কলাধন

কেতিয়া ঘুৰাই অনা হ’ব কলাধন

ডিজিটল ডেস্ক, ANEWS24X7: সোমবাৰে ছুইজাৰলেণ্ডে প্ৰবাসী ভাৰতীয় আৰু কোম্পানী সমূহৰ ৩৪ লাখ ছুইছ বেংক একাউন্টৰ তথ্য ভাৰত চৰকাৰক হস্তান্তৰ কৰিছে ৷এই সকল প্ৰবাসী ভাৰতীয় আৰু সংস্থাৰ নামত খোলা বেংক একাউন্ট সমূহ বিশ্বৰ ১০১ খন দেশত বিয়পি আছে ৷

ছুইজাৰলেণ্ড কৰ্তৃপক্ষই বেংক একাউণ্ট থকা ব্যক্তি , প্ৰতিষ্ঠানৰ নাম , ঠিকনাৰ চিনাক্তকৰণ নম্বৰ আৰু মূলধন উপাৰ্জনৰ বিৱৰণ প্ৰদান কৰিছে । এই একাউন্ট সমূহৰ গৰাকী সকল বৰ্তমান কোনখন দেশত বসবাস কৰে ইয়াৰ সম্পূৰ্ণ তথ্য প্ৰদান কৰিছে ৷

স্বয়ংক্ৰিয় তথ্য বিনিময়ৰ অংশ হিচাপে ছুইজাৰলেণ্ড চৰকাৰে এই তথ্য প্ৰদান কৰিছে ৷ বৰ্তমানলৈকে ছুইজাৰলেণ্ড চৰকাৰে চতুৰ্থবাৰলৈ ভাৰতীয় লোক সকলৰ ‘ক’লা ধন’ৰ তথ্য প্ৰদান কৰিছে ৷ এক বিবৃতিত এই কথা সদৰী কৰে ছুইজাৰলেণ্ডৰ ফেডাৰেল টেক্স এডমিনিষ্ট্ৰেচনে ৷ বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহটো ‘ক’লা ধন’ৰ তথ্য প্ৰদান কৰিছিল ছুইজাৰলেণ্ডে

উল্লেখ্য যে , বিগত বৰ্ষৰ তুলনাত এই বৰ্ষত বৃদ্ধি পাইছে ছুইজ বেংকত ভাৰতীয় ব্যক্তিৰ বেংক একাউন্টৰ সংখ্যা ৷ চলিত বৰ্ষত প্ৰায় ১ লাখ বেংক একাউন্ট বৃদ্ধি পাইছে ৷এই বছৰ তালিকাখনত আলবেনিয়া, ব্ৰুনেই ডাৰুচালেম, নাইজেৰিয়া, পেৰু আৰু তুৰ্কীকে ধৰি আৰু কেইবাখনো দেশ অন্তৰ্ভুক্ত হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments