Thursday, March 12, 2026
Homeৰাজনৈতিকঘোষণা কৰা হ’ল হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ দিন, গুজৰাটত নিৰ্বাচন কেতিয়া?

ঘোষণা কৰা হ’ল হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ দিন, গুজৰাটত নিৰ্বাচন কেতিয়া?

ডিজিটেল ডেস্ক,  ANEWS24X7: নিৰ্বাচন আয়োগে শুক্ৰবাৰে ঘোষণা কৰিলে হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ দিন ৷ অহা ২২ নৱেম্বৰত ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৮ ডিচেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ৷

আজি নিৰ্বাচন আয়োগে গুজৰাট নিৰ্বাচনৰো দিন ঘোষণা কৰাৰ সম্ভাৱনা আছিল যদিও এই সন্দৰ্ভত কোনো কথা উল্লেখ নকৰিলে আয়োগে ৷

উল্লেখ্য যে , ৬৮ খন আসন থকা হিমাচল প্ৰদেশ বিধানসভাত সংখ্যাগৰিষ্ঠতা অৰ্জনৰ বাবে প্ৰয়োজন হয় ৩৫ খন আসন ৷ ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত শাসকীয় দল বিজেপিয়ে ৪৪ খন আসন লাভ কৰাৰ বিপৰিতে কংগ্ৰেছে ২১ খন আসন লাভ কৰিছিল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments