ডিজিটেল ডেস্ক, ANEWS24X7: ব্ৰিটেইনৰ বিত্তমন্ত্ৰী কোৱাচি কুয়াৰ্টেংক বৰ্খাস্ত ৷ ব্ৰিটেইনৰ মুদ্ৰা নীতি বিতৰ্কৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে ৷চৰকাৰক এই বিতৰ্কৰ পৰা ৰক্ষা কৰিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে লিজ ট্ৰাছে ৷
ব্ৰিটেইন চৰকাৰৰ মুদ্ৰা নীতিকলৈ শেহতীয়াকৈ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল ৷ মুদ্ৰা নীতিৰ ফলত ব্ৰিটেইনৰ শ্বেয়াৰ বজাৰত নেতিবাচক প্ৰভাৱ পেলাইছিল ৷ ইয়াৰ পিছতে দেশখনৰ বিত্তমন্ত্ৰী কোৱাচি কুয়াৰ্টেংক লক্ষ্য কৰি লোৱা হৈছিল ৷ বিত্তমন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰিছিল ৷
এই বিতৰ্ক অব্যাহত থকাৰ মাজতে বিত্তমন্ত্ৰী কোৱাচি কুয়াৰ্টেংকে সংবাদ মাধ্যমৰ আগত কৈছিল যে ,‘‘যি হওক , মই ক’লৈকো যোৱা নাই ৷’’ এই মন্তব্য কৰাৰ ২৪ ঘন্টাৰ ভিতৰতে বৰ্খাস্ত কৰা হয় ব্ৰিটেইনৰ বিত্তমন্ত্ৰী কোৱাচি কুয়াৰ্টেংক ৷