ডিজিটেল ডেস্ক, ANEWS24X7: বিপদত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া । সোমবাৰে গ্ৰেপ্তাৰ কৰা হ’ব পাৰে চিছোদিয়াক । এই আশংকা কৰিছে আম আদমি পাৰ্টিয়ে । দলটোৰ অন্যতম গুৰুত্বপূৰ্ণ নেতা সৌৰভ ভৰদ্বাজে এই দাবী কৰিছে । ভৰদ্বাজে কয় যে ,‘‘গুজৰাট নিৰ্বাচনকলৈ শংকিত কেন্দ্ৰৰ মোডী চৰকাৰ ৷
গুজৰাট নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা কৰিছে ৷ বিজেপিয়ে আম আদমি পাৰ্টিৰ ভয়ত কঁপি আছে ৷
দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই এই সন্দৰ্ভত কয় যে ,‘‘চিবিআইয়ে ইয়াৰ পূৰ্বে চলোৱা অভিযানত কোনো তথ্য লাভ কৰা নাছিল ৷ তথাপিও মোক চিবিআইয়ে পুনৰবাৰ চমন জাৰি কৰিছে । অনুসন্ধানকাৰী সংস্থাৰ সৈতে সকলো সহযোগিতা কৰাৰ ববে আমি সদায় দায়বদ্ধ ।’’
উল্লেখ্য যে, দিল্লীৰ আবকাৰী গোচৰৰ সন্দৰ্ভত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক সোমবাৰে ১১ বজাত চিবিআইৰ কাৰ্যালয়লৈ মাতি পঠিওৱা হৈছে ৷ ইয়াৰ পূৰ্বে চিছোদিয়াৰ ঘৰত আৰু কাৰ্যালয়ত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে অভিযান চলাইছিল ৷