ডিজিটেল ডেস্ক, ANEWS24X7: যাত্ৰীবাহী বিমানত সাপৰ আতংক৷ফ্লৰিডাৰ পৰা নিউ জাৰ্চিলৈ যোৱা এখন যাত্ৰীবাহী বিমানত সাপৰ উপস্থিতিয়ে আতংকিত কৰি তুলে যাত্ৰীক ৷ নিউ জাৰ্চীৰ নেৱাৰ্ক লিবাৰ্টি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানখন অৱতৰণ কৰাৰ সময়তে ইউনাইটেড এয়াৰলাইনছৰ ২০৩৮ বিমানখনত এটা সাপ প্ৰত্যক্ষ কৰে ৷
বিমানখন অৱতৰণৰ সময়ত মূল প্ৰৱেশ দ্বাৰৰ দিশে গতি কৰিছিল সাপটোৱে ৷ এই দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছে ইকনমিক ক্লাচৰ যাত্ৰী সকল আতংকিত হৈ পৰে ৷
ইয়াৰ পিছতে ঘটনা স্থলিত বিমানবন্দৰ আৰক্ষী উপস্থিত হৈ সাপটো উদ্ধাৰ কৰে ৷ এই সন্দৰ্ভত বিমানবন্দৰ কৰ্তৃপক্ষৰ মুখপাত্ৰ শ্বেৰিল এন এলবিজে কয় যে ,‘‘ যাত্ৰীসকলৰ চিঞৰ শুনি সাপটো উদ্ধাৰ কৰা হয় ৷ সাপটো পৰৱৰ্তী সময়ত অৰণ্যত এৰি দিয়া হয় ৷’’
