ডিজিটেল ডেস্ক, ANEWS24X7: ভাৰতীয় বিজ্ঞানীৰ বিশেষ সফলতা ৷ গ্ৰীৱাৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে ভাৰতত নিৰ্মাণ কৰা হ’ব প্ৰথমটো হিউমেন পেপিলোমা ভাইৰাছৰ ভেকছিন চাৰ্ভাভাকৰ ৷ চিৰাম ইনষ্টিটিউটৰ দ্বাৰা প্ৰস্তুত কৰা এই প্ৰতিষেধক বিধ ২০২৩ বৰ্ষৰ প্ৰথম ভাগত মুকলি কৰা হ’ব ৷
এই সন্দৰ্ভত চিৰাম ইনষ্টিটিউটৰ কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালাই কয় যে,‘‘কৰ’ণা মহামাৰীৰ বাবে এই প্ৰতিষেধকৰ উৎপাদন দুবছৰ পলম হৈছে ৷ যত এই ভেকছিন প্ৰস্তুত কৰা হৈছিল ইমান দিনে সেই স্থানত কৰ’ণা ভেকছিন প্ৰস্তুত কৰি থকা হৈছিল ৷ সেই বাবে ভেকছিন প্ৰস্তুতৰ কাম পলম হৈছে ৷’’
গ্ৰীৱাৰ কৰ্কট ৰোগ প্ৰতিষেধক সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে কয় যে , ‘‘ এই ভেকছিন বিধ সাধাৰণ মানুহে ক্ৰয় কৰিব পৰা দামত মুকলি কৰা হ’ব ৷’’ চিৰাম ইনষ্টিটিউটৰ মতে ২০২৪ চনৰ পৰা এই ভেকছিন বিধ ইউনিচেফ , জিএভিআই আৰু আফ্ৰিকাৰ দেশলৈ ৰপ্তানি কৰা হ’ব ৷
ভেকছিনৰ প্ৰস্তুতৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰতি মাহে চৰকাৰক ১০ৰ পৰা ২০ লাভ ভেকছিন যোগান ধৰা হ’ব ৷ প্ৰতিষ্ঠানখনৰ এক সূত্ৰৰ খবৰ অনুসৰি এই প্ৰতিষেধক বিধৰ মূল্য ২০০ পৰা ৪০০ টকাৰ ভিতৰত হ’ব ৷