Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়প্ৰমাণ অবিহনে স্বামীক ক’ব নোৱাৰিব ‘চৰিত্ৰহীন আৰু মদাহী’!

প্ৰমাণ অবিহনে স্বামীক ক’ব নোৱাৰিব ‘চৰিত্ৰহীন আৰু মদাহী’!

 

ডিজিটেল ডেস্ক, ANEWS24x7: স্বামীক প্ৰমাণ অবিহনে ‘চৰিত্ৰহীন আৰু মদাহী’ আখ্যা দিয়াটো নিষ্ঠুৰতা ৷ এই ৰায় প্ৰদান কৰিছে বম্বে উচ্চ ন্যায়ালয়ে ৷ পুনেৰ এগৰাকী ৫০ বছৰীয়া মহিলাই ২০০৫ চনত ফেমেলী ক’ৰ্টেৰ এটা ৰায়ৰ বিৰোধিতা কৰি  চলিত বৰ্ষৰ ১২ অক্টোবৰত বম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৷ বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নীতিন জামদাৰ আৰু শৰ্মিলা দেশমুখৰ বিচাৰপীঠে খাৰিজ কৰে মহিলা গৰাকীৰ আবেদন ৷

এই গোচৰৰ ৰায় প্ৰদান কৰি বম্বে উচ্চ ন্যায়ালয়ে কয় যে ,‘‘কোনো প্ৰমাণ অবিহনে স্বামীৰ চৰিত্ৰক লৈ অভিযোগ অনা, স্বামীৰ ভাৱমূৰ্তিত কালিমা সনাটো এক নিষ্ঠুৰতা। ইয়াৰ ফলত এজন লোকৰ সমাজত সন্মানহানি হয় ৷ নিজৰ যুক্তিৰ সপক্ষত মহিলাগৰাকীয়ে কোনো প্ৰমাণ দাখিল কৰিব পৰা নাই।’’

উল্লেখ্য যে, পুনেৰ মহিলা গৰাকীয়ে ২০০৫ চনত ফেমেলী ক’ৰ্টত তেওঁৰ স্বামীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল ৷ মহিলাগৰাকীয়ে অভিযোগ আনিছিল যে তেওঁৰ স্বামী চৰিত্ৰহীন , নাৰীৰ প্ৰতি আসক্ত আৰু নিয়মিত সুৰাপান কৰে ৷ ফলত তেওঁৰ দাম্পত্যৰ অধিকাৰ খৰ্ব হৈছে ৷

২০০৫ চনত ফেমিলী ক’ৰ্টে মহিলাগৰাকীৰ অভিযোগ খাৰিজকৰে৷ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল মহিলা গৰাকী ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments