দেশত মন্ত্ৰী বিধায়ক মানেই এক ৰাজকীয় মৰ্যদা সম্পন্ন জীৱন এই কথা সৰ্বজনজ্ঞাত । এবাৰলৈ বিধায়ক হ’ব পাৰিলেই লাভ কৰিব পাৰিলেই লাভ কৰিব পাৰি সকলো ধৰণৰ ৰাজকিয় সা-সুবিধা । কাৰ্যকাল সমাপ্ত হোৱাৰ পিছতো লাভ কৰিবলৈ সক্ষম হয় আকৰ্ষণীয় সা-সুবিধাৰ লগতে পেঞ্চনৰ ব্যৱস্থা । কেৱল ইমানে নহয় কেইটা কৰ্যকালৰ বাবে নিৰ্বাচিত হৈছিল তাৰ ওপৰতে নিৰ্ভৰ কৰি লাভ কৰে পেঞ্চন । ইয়াৰ ফলত অপচয় হৈছিল দেশৰ বহু হাজাৰ কোটি টকাৰ ৰাজহ । এনে ব্যৱস্থা ৰোধিবলৈ পঞ্জাৱ চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । পঞ্জাৱ চৰকাৰে বিধায়কৰ সা-সুবিধাৰ নামত ব্যয় হোৱা খৰচ হ্ৰাস কৰিবলৈ গৃহীত কৰিলে এক বিধায়ক এক পেঞ্চন নীতি । এই নীতিৰ অধীনত এতিয়াৰে পৰা পঞ্জাৱৰ বিধায়ক সকলে এতিয়াৰে পৰা একাধিকবাৰ নিৰ্বাচনত জয় লাভ কৰিলেও এবাৰৰ বাবেহে পেঞ্চন লাভ কৰিব । শনিবাৰে ৰাজ্যপাল বানোল বানোৱাৰীলাল পুৰোহিতে অনুমোদন জনায় এই বিধেয়ক খন । এক টুইটযোগে “এক বিধায়ক এক পেঞ্চন নীতিৰ” কথা সদৰী কৰে পঞ্জাৱৰ মুখ্য়মন্ত্ৰী ভগৱন্ত মানে।
মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয় যে,
মই জনাবলৈ পাই অতি সুখী যে মাননীয় ৰাজ্যপাল ডাঙৰীয়াই ‘এক বিধায়ক-এক পেঞ্চন’ বিধেয়কত অনুমোদন জনাইছে । ইয়াৰ ফলত জনসাধাৰণৰ বহু পৰিমাণৰ কৰ ৰাহি হ’ব ।
উল্লেখ্য যে পঞ্জাৱ কেবিনেটে ‘এক বিধায়ক এক পেঞ্চন নীতি ‘ কাৰ্যকৰি কৰিলে ৰাজ্যখনত প্ৰায় ১৯.৫৩ কোটি টকাৰ ৰাজহ ৰাহি হ’ব । এতিয়াৰে পৰা পেঞ্চনৰ নামত পঞ্জাৱৰ প্ৰতিজন প্ৰাক্তন বিধায়কে ৭৫,১৫০ টকাকৈ পেঞ্চন লাভ কৰিব ।