ডিজিটেল ডেস্ক, ANEWS24X7: পঞ্জাৱৰ অমৃতসৰত শিৱসেনাৰ নেতাক হত্যা । এটা মন্দিৰৰ প্ৰাংগনত শিৱসেনা সুধীৰ চুৰীত গুলীয়াই হত্যা কৰে দুৰ্বৃত্তয় । পঞ্জাৱ আৰক্ষীয়ে ইতিমধ্যে আক্ৰমণকাৰী জনক গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে ব্যক্তিজনৰ পৰা আক্ৰমণটোত ব্যৱহৃত বন্দুকটো উদ্ধাৰ কৰে । শিৱসেনাৰ নেতাজনক গুলীয়াই হত্যা কৰা ঘটনাই এতিয়া দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
মন্দিৰ চৌহদৰ আৱৰ্জনাত দেৱ-দেৱীৰ ভঙা মূৰ্তি প্ৰত্যক্ষ কৰি মন্দিৰ চৌহদত প্ৰতিবাদত সাব্যস্ত কৰিছিল । প্ৰতিবাদৰ সময়ত চুৰীয়ে এজন আৰক্ষী বিষয়াৰ লগত কথা পাতি আছিল । সেই সময়তে ভিৰৰ পৰা এজন ব্যক্তিয়ে চুৰিলৈ লক্ষ্য কৰি পাঁচ ৰাউণ্ড গুলী চালনা কৰে । আৰক্ষীয়ে আক্ৰমণকাৰী জনক সন্দীপ সিং বুলি চিনাক্ত কৰিছে । সন্দীপ সিং পেচাত এজন ব্যৱসায়ী ।
আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি শিৱসেনাৰ নেতা সুধীৰ চুৰীক আক্ৰমণৰ পৰিকল্পনা কৰি আছিল । পঞ্জাৱ চৰকাৰে চুৰিক নিৰপত্তাৰ ব্যৱস্থাও কৰিছিল । এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপি নেতা তাজিন্দৰ সিং বাগ্গাই । বিজেপি নেতা বাগ্গাই পঞ্জাৱৰ আম আদমী পাৰ্টী চৰকাৰক তীব্ৰ গৰিহণা দিয়ে । তাজিন্দৰে টুইট কৰি কয় যে ,‘‘ আম আদমী পাৰ্টী চৰকাৰ শাসনত থাকা সময়ত পঞ্জাৱত আইন-শৃংখলা ভাঙি পৰিছে ।’’
উল্লেখ্য যে শিৱসেনা নেতা চুৰীক চলিত বৰ্ষৰ জুলাই মাহত এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ বাবে ধৰ্মীয় অনুভূতিত আঘাট কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল ৷ আনহাতে ইয়াৰ পূৰ্বে পঞ্জাৱৰ এগৰাকী জনপ্ৰিয় গায়ক সিদ্ধু মুছেৱালাক গুলীয়াই হত্যা কৰা হৈছিল ৷