বিনামূলীয়া আঁচনিৰে হিতাধিকাৰী সৃষ্টি কৰি এক প্ৰকাৰৰ চমক সৃষ্টি কৰিছে অসম চৰকাৰে । বৰ্তমান সময়ত ৰাজ্যৰ প্ৰতিটো গৃহতে একো একোজনকৈ হিতাধিকাৰী আছে বুলি কলেও ভুল কোৱা নহ’ব । এনে পৰিস্থিতিৰ মাজতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাজ্য চৰকাৰ সমূহক যধে মধে বিনামূলীয়া আঁচনি ঘোষণা নকৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে । ৰাজ্য চৰকাৰ সমূহক বিনামূলীয়া আঁচনি ঘোষণা কৰাৰ পূৰ্বে ৰাজ্যৰ বিত্তীয় স্তৰ, বিত্তীয় ক্ষমতা পৰ্যৱেক্ষণ কৰাৰ লগতে ৰাজ ভঁড়ালত চকু দিবলৈ পৰামৰ্শ দিয়ে ।
শনিবাৰে বাংগালুৰুত এক সভাত অংশগ্ৰহণ কৰি এই পৰামৰ্শ প্ৰদান কৰে কেন্দ্ৰী বিত্তমন্ত্ৰী গৰাকীয়ে ।দিল্লী আৰু পঞ্জাৱ চৰকাৰক সমালোচনা কৰিবলৈ গৈয়ে এই মন্তব্য কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ।