ডিজিটেল ডেস্ক, ANEWS24X7 : কিছুদিন পূৰ্বে ২৫ অক্টোবৰত হৈছিল বৰ্ষটোৰ অন্তিমটো সূৰ্যগ্ৰহণ । ইয়াৰ পিছতে মঙলবাৰে অৰ্থাত ৮ নৱেম্বৰত ২০২২ বৰ্ষৰ অন্তিমটো পূর্ণগ্রাস চন্দ্ৰগ্ৰহণ ।
মঙলবাৰে দুপৰীয়া ১.৩২ বজাৰ পৰা চন্দ্ৰগ্ৰহণ আৰম্ভ হৈ সন্ধিয়া ৭.২৭ বজাত শেষ হ’ব এই চন্দ্ৰগ্ৰহণ । উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰা সমপূৰ্ণ চন্দ্ৰগ্ৰহণ দেখা পোৱা যাব ।
সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ জ্যোতিষশাস্ত্ৰত অশুভ গণ্য কৰা হয় । জ্যোতিষীসকলৰ মতে উৎসৱৰ বতৰত হোৱা এই সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণে কেইবাটাও ৰাশিৰ ওপৰত বেয়া প্ৰভাৱ পেলাব । এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ কৰ্কট , বৃষ ,সিংহ ৰাশি, কন্যা আৰু তুলা ৰাশিত ব্যাপক ৰূপত পৰিব ।
চন্দ্ৰগ্ৰহণৰ ফলত কৰ্কট ৰাশিৰ লোক সকল শৰীৰটো ভাল নহ’ব ।অধ্যয়নত বাধা থাকিব। পিতৃ-মাতৃৰ বিষয়ে চিন্তাৰ পৰিস্থিতি থাকিব পাৰে।
বৃষ ৰাশি- ভাই-ভনীসকলৰ মাজত অস্থিৰতা থাকিব পাৰে। জীৱনৰ সকলো শান্তি ৰাতিটোৰ ভিতৰতে নাইকিয়া হ’ব, টোপনিত এক ডাঙৰ শাৰীৰিক বিপদ হ’ব পাৰে। শত্ৰুৰ সংখ্যা বৃদ্ধি পাব। অপ্ৰয়োজনীয় বিবাদত পৰিব পাৰে।
সিংহ ৰাশি- চৰকাৰ বা উচ্চ বিষয়াসকলৰ সৈতে উত্তেজনাৰ পৰিস্থিতি আছে। মনোবল ভাঙি যাব, শৰীৰো বেয়া হ’ব। পাকস্থলী আৰু ভৰিৰ সমস্যা বৃদ্ধি হ’ব। তৰ্ক পৰিহাৰ কৰিব, কথাত সংযম ৰাখিব।
কন্যা ৰাশি- ধনৰ অভাৱ হ’ব! আপুনি কেনেকৈ টকা উপাৰ্জন কৰিব লাগে নাজানে। আপোনাৰ মাতৃৰ স্বাস্থ্যৰ বিষয়ে সাৱধান হ’ব।
তুলা ৰাশি– ধনৰ অভাৱ হ’ব, মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব। পেট আৰু ভৰিত সমস্যা হ’ব।