নিউজ ডেস্ক, ANEWS24X7: টি-২০ বিশ্বকাপৰ দৌৰৰ পৰা আঁতৰিবলগীয়া হ’ল ভাৰত। আজি অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডৰ হাতত পৰাস্ত হয় ভাৰত ৷ খেলখনত প্ৰথমে বেট ধৰি ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ইংলেণ্ডৰ সন্মুখত ১৬৯ ৰাণৰ লজ্ক্ষ্য বান্ধি দিয়ে ৷
ইয়াৰ বিপৰিতে ইংলেণ্ডে ১৬ অভাৰত এটাও উইকেট নেহেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনিত হয় ৷ ইংলেণ্ডৰ হৈ জ’ছ বাটলাৰে ৪৯ টা বলত ৮০ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে এলেক্স হেলছে ৪৭ টা বলত ৮৬ ৰাণ সংগ্ৰহ কৰে।
ইয়াৰ লগে লগে ফাইনেলত প্ৰৱেশ কৰে ইংলেণ্ড ৷ টি-২০ বিশ্বকাপৰ চূড়ান্ত খেলখন পাকিস্তান আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব ৷