Thursday, November 7, 2024
Homeৰাষ্ট্ৰীয়টিকট প্ৰদানৰ নামত ধনৰ লেনদেন কৰি গ্ৰেপ্তাৰ বিধায়কৰ ব্যক্তিগত সহায়ক

টিকট প্ৰদানৰ নামত ধনৰ লেনদেন কৰি গ্ৰেপ্তাৰ বিধায়কৰ ব্যক্তিগত সহায়ক

ডিজিটেল ডেস্ক, ANEWS24X7: দুৰ্নীতি নিৰ্বাৰক শাখাৰ জালত আপৰ তিনিজন নেতা ৷ আগন্তুক দিল্লী নগৰ নিগম নিৰ্বাচনত ধনৰ বিনিময়ত টিকট বিক্ৰিৰ অভিযোগত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আপৰ বিধায়ক অখিলেশ পতি ত্ৰিপাঠীৰ আত্মীয় ঔম সিং, ব্যক্তিগত সহায়ক শিৱ সিং শংকৰ ত্ৰিপাঠী আৰু প্ৰিন্স ৰঘুবংশী ৷

অভিযুক্ত কেইজনে শোভা খাৰী নামৰ এগৰাকী মহিলাক ধনৰ সলনি এমচিডি নিৰ্বাচনৰ টিকট দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। শোভা খাৰীৰ স্বামী গোপাল খাৰীয়ে এই সন্দৰ্ভত ১৪ নৱেম্বৰত দুৰ্নীতি বিৰোধী শাখাত এক গোচৰ ৰুজু কৰিছিল।

অভিযোগকাৰী গোপাল খাৰীয়ে কয় যে ‘‘তেওঁৰ পত্নী শোভাক টিকট দিয়াৰ নামত বিধায়ক অখিলেশ পতি ত্ৰিপাঠীয়ে ৯০ লাখ টকাৰ ধন দাবী কৰিছিল আগধন হিচাপে অখিলেশ পতি ত্ৰিপাঠীক ৩৫ লাখ টকা আৰু ৱাজিৰপুৰৰ আপৰ বিধায়ক ৰাজেশ গুপ্তাক ২০ লাখ টকা দিছিল। বাকী ৩৫ লাখ টিকট পোৱাৰ পিছত দিয়া হ’ব বুলি ঠিক কৰা হৈছিল।’’

১২ নৱেম্বৰত আপে জাৰি কৰা টিকটৰ তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱাত আৰক্ষীৰ কাষ চাপে গোপাল খাৰীয়ে ৷প্ৰমাণ হিচাপে লেনদেনৰ অডিঅ’ আৰু ভিডিঅ’ আগবঢ়াইছিল। ইয়াৰ পিছতে দুৰ্নীতি নিৰ্বাৰক শাখাই ১৫ আৰু ১৬ নৱেম্বৰত ট্ৰেপ লগাই তিনিজন অভিযুক্তক গোপাল খাৰীৰ ঘৰৰ পৰা হাতে–লোটে গ্ৰেপ্তাৰ কৰে । ৰ্নীতি নিৰ্বাৰক শাখাৰ মতে, সেই সময়ত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত কেইজনে ৩৩ লাখ টকা ঘূৰাই দিবলৈ আহিছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments