Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়ভয়ংকৰ! ৪০ নিযুত শিশু বঞ্চিত হৈছে সৰু আইৰ ভেকছিনৰ পৰা

ভয়ংকৰ! ৪০ নিযুত শিশু বঞ্চিত হৈছে সৰু আইৰ ভেকছিনৰ পৰা

 

ডিজিটেল ডেস্ক, ANEWS24X7: বিশ্বৰ প্ৰায় ৪০ নিযুত শিশুৱে লাভ কৰা নাই সৰু আইৰ ভেকছিন ৷ ২০২১ বৰ্ষত মৰাত্মক সৰু আই টিকাৰ পৰা বঞ্চিত হৈছে বিশ্বৰ ৪০ নিযুত শিশুৱে ৷ বিশ্ব স্বাস্থ্য সংস্থা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই যুটীয়াভাৱে প্ৰকাশ কৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ৷

প্ৰতিবেদন খনৰ তথ্য অনুসৰি শিশু সকলৰ এই মাৰাত্মক ৰোগবিধ দূৰ কৰাৰ ক্ষেত্ৰত বিশ্বৰ বহুকেইখন দেশ বিফল হৈছে ।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে কয় যে, ‘‘কভিডৰ বিৰুদ্ধে ভেকছিন অভিলেখ হাৰত দিয়া হৈছে কিন্তু সৰু আইৰ ভেকছিনৰ ক্ষেত্ৰত অৱহেলা কৰা হৈছে। টিকাকৰণ কাৰ্যসূচীবোৰ পুনৰ সক্ৰিয় কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। কাৰণ ইয়াৰ আঁৰত শিশু প্ৰতিৰোধযোগ্য ৰোগৰ আশংকা আছে ৷’’

বিশ্বৰ ২৫ নিযুত শিশুৱে সৰুআইৰ প্ৰথম পালি ভেকছিন লাভ কৰা নাই। আনহাতে ১৪.৭ নিযুত শিশুৱে দ্বিতীয়টো পালি ভেকছিল লাভ কৰা নাই। সৰু আইৰ ভেকছিনৰ পৰা বঞ্চিত হোৱা দেশ সমূহ হৈছে নাইজেৰিয়া, ভাৰত, কঙ্গো গণতান্ত্ৰিক গণৰাজ্য, ইথিওপিয়া আৰু ইণ্ডোনেছিয়া।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments