ডিজিটেল ডেস্ক, ANEWS24X7: গুজৰাট নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে সংকল্প পত্ৰ ৷ শনিবাৰে বিজেপিয়ে মুকলি কৰা হয় সংকল্প পত্ৰ ৷ বিজেপিয়ে গুজৰাট নিৰ্বাচনত দেশবিৰোধী সকলক শিক্ষা দিয়াৰ বাবে নতুন কোষ মুকলি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷ ৰাজ্যখনত দেশবিৰোধী সকলৰ সৈতে মুকাবিলা কৰিবৰ বাবে ‘এণ্টি-ৰেডিকেলাইজেচন চেল’ স্থাপনৰ গঠন কৰাৰ কথা উল্লেখ কৰিছে ৷
ইয়াৰ ওপৰিও বিজেপিৰ সংকল্প পত্ৰত সম্পূৰ্ণ অভিন্ন নাগৰিক সংহিতা কাৰ্যকৰী কৰা , অহা পাঁচ বছৰৰ ভিতৰত ২০ লাখ চকৰি সৃষ্টি কৰা , ৫৬ টা জনজাতীয় অধ্যুষিত তালুকত ৰেচনৰ “মোবাইল ডেলিভাৰী” প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে ।
বৃদ্ধ মহিলাসকলৰ বাবে বিনামূলীয়া বাছ যাত্ৰা। অহা পাঁচ বছৰত এক লাখৰো অধিক মহিলাক চৰকাৰী চাকৰি । শ্ৰমিকসকলক ২ লাখ টকাৰ গেৰাণ্টৰ বিহিন ঋণ । ঋণৰ বাবে শ্ৰমিক ক্ৰেডিট কাৰ্ড । অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ মেধাৱী শিক্ষাৰ্থীসকলক বৈদ্যুতিক স্কুটাৰ প্ৰদান ।
অনুসূচীত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে আঠখন চিকিৎসা মহাবিদ্যালয় আৰু ১০ খন নাৰ্চিং আৰু পেৰামেডিকেল মহাবিদ্যালয় স্থাপন । গোশালাৰ উন্নয়নৰ বাবে ৫০০ কোটি টকাৰ অতিৰিক্ত বাজেট আৱণ্টন । ১০০০ খন অতিৰিক্ত পশু চিকিৎসালয় স্থাপন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।