ডিজিটেল ডেস্ক, ANEWS24X7: আজি সংবিধান দিৱস৷উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত কৰা হয় সংবিধান দিৱস ৷ উচ্চতম ন্যায়ালয়ত আয়োজন কৰা সংবিধান দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷
সংবিধান দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে,‘‘মৌলিক কৰ্তব্য পালন কৰাটো নাগৰিকৰ প্ৰথম অগ্ৰধিকাৰ হ’ব লাগে ৷ যিহেতু স্বাধীনতাত শতবৰ্ষিকীৰ দিশে আগবাঢ়িছে ৷ ’’
সংবিধান দিৱস উদযাপনত ভাষন প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে,‘‘সমগ্ৰ বিশ্বই ভাৰতৰ ফালে চাই আছে যিয়ে দ্ৰুতবিকাশ আৰু অৰ্থনৈতিক বিকাশৰ সাক্ষী হৈ আছে। মৌলিক অধিকাৰসমূহ হৈছে সেই দায়িত্বসমূহ যাক নাগৰিকসকলে পৰম নিষ্ঠা আৰু প্ৰকৃত নিষ্ঠাৰে পালন কৰিব লাগে।’’