ডিজিটেল ডেস্ক, ANEWS24X7: পাকিস্তান সীমান্তত বৃদ্ধি পাইছে ড্ৰোনৰ সংখ্যা ৷ পাক সমৰ্থিত সন্ত্ৰাসবাদী সমূহক ভাৰতত অস্ত্ৰ , ড্ৰাগছ যোগান ধৰাৰ পৰা আদি কৰি বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ড্ৰোণ ব্যৱহাৰ কৰি আহিছে ৷
ইয়াৰ ফলত নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি হৈছে ৷ এনে পৰিস্থিতিৰ মুকাবিলা কৰিবৰ বাবে পশ্চিম সীমান্তত প্ৰায় ৫৫০০ কেমেৰা স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ এই কথা সদৰী কৰিছে বিএছএফৰ ডিজি পংকজ কুমাৰ সিঙে ৷
চোৰাংচোৱা সূত্ৰৰ খবৰ অনুসৰি চোৰাং ব্যৱসায়ী আৰু পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছআইয়ে ড্ৰোনৰ জড়িয়তে ড্ৰাগছ আৰু অস্ত্ৰ ড্ৰোনৰ জৰিয়তে ভাৰতলৈ প্ৰেৰণ কৰে ৷ইয়াৰ ফলত বিএছএফে পূৰ্বতকৈ অধিক কটকটীয়া কৰিছে সীমান্তৰ নিৰাপত্তা ব্যৱস্থা ৷ বিএছএফৰ পৰিসংখ্যা অনুসৰি, ২০২০ চনত জম্মু আৰু পঞ্জাৱত ৭৯ টা ড্ৰোন চিনাক্ত কৰা হৈছিল ।২০২১ বৰ্ষত ১০৯ খন ড্ৰোন আৰু চলিত বৰ্ষৰ বৰ্তমান পৰ্যন্ত প্ৰায় ২৭০ টা ড্ৰোন চিনাক্ত কৰা হৈছে ৷ এই বৰ্ষত বিএছএফে ১৬ টা ড্ৰোন ধ্বংস কৰিছে ৷
আনহাতে বুধবাৰে অমৃতসৰ সীমান্তত বিএছএফৰ এগৰাকী মহিলা জোৱানে গুলীবৰ্ষণ কৰি এখন ড্ৰোন ধ্বংস কৰে ৷ ধ্বংস কৰা ড্ৰোনখনৰ ওজন আছিল প্ৰায় ১৮ কিলোগ্ৰাম ৷ ড্ৰোনখনে পাকিস্তানৰ দিশৰ পৰা প্ৰায় তিনি কিলোগ্ৰাম ড্ৰাগছ কঢ়িয়াই আনিছিল ৷