ডিজিটেল ডেস্ক, ANEWS24X7: আফগানিস্তানত পুনৰ সংঘটিত হৈছে ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা ৷ বুধবাৰে উত্তৰ আফগানিস্তানৰ চামাংগন প্ৰদেশৰ ৰাজধানী আয়বাতৰ এখন মাদ্ৰাছাত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা । বিস্ফোৰণৰ ফলত ১৫ জন লোক নিহত হোৱাৰ লগতে ২০ জন লোক আহত হৈছে ।
মাদ্ৰাছা খনত প্ৰাৰ্থনাৰ সময়ত সংঘটিত হৈছিল এই বিস্ফোৰণৰ ঘটনা। বৰ্তমানলৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে এই বিস্ফোৰণৰ ঘটনাৰ দ্বায়িত্ব স্বীকাৰ কৰা নাই ।
প্ৰাদেশিক চৰকাৰৰ মুখপাত্ৰ এমদাদুল্লাহ মুহাজিৰে ঘটনা সন্দৰ্ভত কয় যে, ‘‘চহৰখনৰ কেন্দ্ৰত থকা জাহদিয়া মাদ্ৰাছাত দুপৰীয়া প্ৰায় ১:৪৫ বজাত এই বিস্ফোৰণ সংঘটিত হৈছিল। এই মাদ্ৰাছা খনত বহুত ডেকা ল’ৰাই অধ্যয়ন কৰে । বিস্ফোৰণটোৰ তদন্ত আৰম্ভ কৰা হৈছে ।’’
আফগানিস্তানৰ অভ্যন্তৰীণ মন্ত্ৰালয়ৰ মুখপাত্ৰ আব্দুল নাফিয়েও বিস্ফোৰণটো নিশ্চিত কৰিছে ।
তেওঁ কয় যে , ‘‘এই বিস্ফোৰণটোৰ ফলত ১০ জন লোত নিহত হোৱাৰ লগতে আন কেইবাজনো লোক আহত হৈছে ।আমাৰ চোৰাংচোৱা আৰু নিৰাপত্তা বাহিনীয়ে এই ক্ষমাকৰিব নোৱাৰা অপৰাধৰ অপৰাধীসকলক চিনাক্ত আৰু আইনৰ অধীনলৈ অনাৰ বাবে কাম কৰি আছে।’’