ডিজিটেল ডেস্ক, ANEWS24X7: চীনত তীব্ৰ গতিত বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ ৷ বৃহস্পতিবাৰৰ দিনটোত চীনত ৩৪,৯৮০ জন লোকৰ শৰীৰত ধৰা পৰিছে কৰ’ণাৰ সংক্ৰমণ ৷
ইয়াৰে ৪,২৭৮ জন লক্ষণ থকা আৰু ৩০,৭০২ জন লক্ষণহীন ৰোগী ৷ শুক্ৰবাৰে চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে সদৰী কৰে এই তথ্য ৷ আনহাতে বুধবাৰৰ দিনটোত চীনত ৩৬,০৬১ জন ৰোগীৰ শৰীৰত ধৰা পৰিছে কৰ’ণাৰ সংক্ৰমণ ৷
চীনৰ কৰ’ণাৰ বৰ্ধীত সংক্ৰমণৰ মাজতে চৰকাৰ বিৰোধী প্ৰতিবাদে গ্ৰাহ কৰিছে ৷ চীন চৰকাৰৰ কভিড বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে চীনৰ সাধাৰণ জনতা ৷
প্ৰতিবাদী জনতাই ৰাষ্ট্ৰপতি জি জিনপিঙৰ পদত্যাগৰ দাবী জনাইছে ৷ প্ৰতিবাদে বেইজিং আৰু ছাংহাইকে ধৰি চীনৰ আঠখন মূল চহৰলৈ বিয়পি পৰিছে ৷ প্ৰতিবাদ শান্ত কৰিবৰ বাবে চীন প্ৰশাসনে কিছু নিয়ম শিথিল কৰিছে