ডিজিটেল ডেস্ক, ANEWS24X7: আজি ঘোষণা কৰা হ’ল পাঁচখন ৰাজ্যৰ ৬ টা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ৷ প্ৰকাশ কৰা হ’ল উৰিষ্যা , বিহাৰ , ছত্তীশগড় ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ উপ-নিৰ্বাচনৰ ফলাফল ৷ এই নিৰ্বাচনত বিজেপি দলে দুখন আসন লাভ কৰাৰ বিপৰিতে বিজ্জু জনতা পাৰ্টীয়ে এখন আসন , কংগ্ৰেছে দলে দুখন আসন আৰু ৰাষ্ট্ৰীয় লোক দলে এখন আসন লাভ কৰিছে ৷
এই উপ-নিৰ্বাচনত উৰিষ্যাত পৰমপুৰ সমষ্টিত জয়লাভ কৰিছে বিজ্জু জনতা পাৰ্টিয়ে ৷বিহাৰৰ কুৰহানি সমষ্টিত জয় লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। ছত্তীশগড়ৰ ভানুপ্ৰতাপপুৰ সমষ্টিত কংগ্ৰেছৰ জয় লাভ ৷
ৰাজস্থানৰ চৰ্দাৰসাগৰ সমষ্টি জয়ী হৈছে কংগ্ৰেছ ৷ আনহাতে উত্তৰপ্ৰদেশৰ খাটুলি সমষ্টিত জয় লাভ কৰিছে ৰাষ্ট্ৰীয় লোক দলৰ প্ৰাৰ্থীয়ে আৰু ৰামপুৰ সমষ্টিত জয় লাভ কৰিছে বিজেপি দলে ।