Monday, July 7, 2025
Homeৰাজনৈতিকবৃহৎ ভোটৰ ব্যৱধানত জয় লাভ ৰবীন্দ্ৰ জাদেজাৰ পত্নীৰ

বৃহৎ ভোটৰ ব্যৱধানত জয় লাভ ৰবীন্দ্ৰ জাদেজাৰ পত্নীৰ

ডিজিটেল ডেস্ক, ANEWS24X7: বিধায়ক হ’ল ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা জাদেজা ৷ গুজৰাটৰ জামনগৰ উত্তৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াই বিজয় হয় ৰিভাবা ৷ ৮৮১১৯ টা ভোট লাভ কৰি বৃহৎ ভোটৰ ব্যৱধানত বিজয় সাৱস্ত কৰে ৰিভাবা জাদেজাই ৷ সমষ্টিটোত ৰিভাবাই মুঠ ভোটৰ ৬৫.৫ শতাংশ ভোট লাভ কৰিছে ৷

গুজৰাট নিৰ্বাচনত বিশেষ চৰ্চাত আছিল ৰিভাবা জাদেজা ৷ উচ্চ শিক্ষিত ৰিভাবা জাদেজাক গুজৰাটৰ জনতাই ব্যাপক মৰম আদৰ জনাইছিল ৷ ৰাজকোটৰ আটমিয়া ইনষ্টিটিউট অৱ টেকন’লজি এণ্ড ছায়েন্সৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিং অধ্যয়ন কৰিছে । ২০১৯ চনত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল ৰিভাবাই ৷ ইয়াৰ পূৰ্বে ৰিভাবা কৰ্ণী সেনাৰ মহিলা শাখাৰ সভানেত্ৰী আছিল ৷

ৰিভাবাৰ ককাক হৰি সিং সোলংকি গুজৰাট কংগ্ৰেছৰ এগৰাকী নেতা আছিল ৷ কংগ্ৰেছ পৰিয়ালৰ পৰা অহা ৰিভাবা কম দিনৰ ভিতৰতে হৈ পৰিছিল বিজেপিৰ এগৰাকী জনপ্ৰিয় নেত্ৰী ৷ আনহাতে ৰিভাবাৰ স্বামী ৰবীন্দ্ৰৰ জাদেজাও এজন কংগ্ৰেছৰ সদস্য ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments