ডিজিটেল ডেস্ক, ANEWS24x7: যুদ্ধৰ বিৰোধিতা কৰি বিপদত যুৱক ৷ বিহা হ’ল ৮ বছৰৰ কাৰাদণ্ড ৷ যুদ্ধনীতিৰ অধিনত ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত শাস্তি বিহা হৈছে ইল্যা য়াশ্বিন নামৰ ৰাছিয়াৰ যুৱক জনক ৷ যুৱকজনৰ বিৰুদ্ধে যুদ্ধৰ ভুৱা বাতৰি বিয়পোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাছিয়া ৰাছিয়া চৰকাৰে ৷
ৰাছিয়া চৰকাৰৰ বিৰুদ্ধে মাত মাতি ৮ বছৰৰ বাবে কাৰাদণ্ড সন্মুখীন হ’ব লগীয়া হৈছে ইল্যা য়াশ্বিন নামৰ ইউটিউবাৰ জন ৷ প্ৰশাসনে যুৱকজনক কাৰদণ্ড অথবা দেশান্তৰ দুটাৰ ভিতৰত এটা নিৰ্বাচন কৰিবলৈ সুবিধা দিছিল ৷ যুৱকজনে কাৰাদণ্ডক নিৰ্বাচন কৰে ৷
এই ঘটনাৰ পিছতে ৰাছিয়াক সমগ্ৰ বিশ্বই গৰিহণা দিছে ৷ ইয়াৰ বিপৰিতে ৰাছিয়াই কয় যে ,‘‘ যুদ্ধৰ সময়ত এনেধৰণৰ মন্তব্য বৃহৎ ক্ষতি কৰে ৷ ই এক ৰাষ্ট্ৰদ্ৰোহ ৷ আইনি প্ৰক্ৰিয়াৰ মাজেৰে শাস্তি প্ৰদান কৰা হৈছে ৷’’