Saturday, July 5, 2025
Homeআন্তজাৰ্তিকপুনৰ অশান্ত ভাৰত-তিব্বত সীমান্ত!

পুনৰ অশান্ত ভাৰত-তিব্বত সীমান্ত!

ডিজিটেল ডেস্ক A NEWS 24×7 : পুনৰ অশান্ত হৈ উঠিছে ভাৰত-তিব্বত সীমান্ত। মেকমোহন লাইনৰ টাৱাঙত ভাৰত-চীনৰ সেনা জোৱানৰ মাজত সংঘটিত হৈছে হতাহতি৷ ৯ ডিচেম্বৰ, ১১ ডিচেম্বৰত মুঠ দুবাৰ সংঘটিত হতাহতিত উভয় দেশৰ কমেও ৩০জন সৈনিক আহত হৈছে। ভাৰতীয় সেনাৰ ছজন আহত সৈন্যক গুৱাহাটীৰ ১৫১ সেনা হাস্পতালত ভৰ্তি কৰিছে।

৯ ডিচেম্বৰত মেকমোহন লাইনৰ টাৱাঙত ভাৰতীয় সৈন্যৰ সৈতে হোৱা সংঘৰ্ষত অধিক চীনা জোৱান আহত হোৱা বুলি উল্লেখ কৰিছে অৰুণাচল-পূবৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা টাপিৰ গাওৱে।

হতাহতি হোৱা পাছতে দুয়োপক্ষৰ কেপ্টেইন সকলে শান্তি ঘূৰাই অনাৰ বাবে এখন বৈঠক অনুষ্ঠিত কৰিছিল।

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সংসদত কয় যে এই সংঘৰ্ষত কোনো ভাৰতীয় সৈনিক “আঘাত বা গুৰুতৰভাৱে আহত” হোৱা নাই আৰু এই কাণ্ডক “কূটনৈতিক পৰ্যায়ত গ্ৰহণ কৰা হৈছে”।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments