ডিজিটেল ডেস্ক, ANEWS24X7: হৃদৰোগত আক্ৰান্ত হৈছে থাইলেণ্ডৰ জ্যেষ্ঠ ৰাজকুমাৰী বজ্ৰাকতিয়াভা ৷ বুধবাৰে উত্তৰ পূৱ বেংককত কুকুৰক প্ৰশিক্ষণ দি থকাৰ সময়তে হঠাত হৃদৰোগত আক্ৰান্ত হয় ৪৪ বছৰীয়া ৰাজকুমাৰীগৰাকী ৷ প্ৰথম অৱস্থাত ৰাজকুমাৰীগৰাকীক এখন স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷
পৰৱৰ্তী সময়ত হেলিকপ্টাৰেৰে বেংককৰ এখন চিকিৎসালত ভৰ্তি কৰোৱা হয় ৷ৰাজপ্ৰসাদৰ পৰা এক বিবৃতি যোগে ৰাজকুমাৰীগৰাকীৰ স্বাস্থ্য কিছু পৰিমাণে সুস্থিৰ বুলি প্ৰকাশ কৰিছে ৷
উল্লেখ্য যে, ৰাজকুমাৰী বজ্ৰাকতিয়াভা ৰজাৰ প্ৰথমা পত্নী ৰাজকুমাৰী সোমসাৱালীৰ জ্যেষ্ঠ কন্যা। ২০১৬ চনৰ পৰাই ৰাজকুমাৰীয়ে পিতৃ ৰজা বাজিৰালংকৰ্ণৰ অন্তেষপুৰ অৰ্থাৎ অন্দৰমহলৰ গুৰুত্বপূৰ্ণ দায়িত্ব চম্ভালি আহিছে। আনকি ৰাজকুমাৰীক ৰজাৰ ব্যক্তিগত প্ৰহৰীৰ জ্যেষ্ঠ বিষয়া হিচাপেও নিযুক্তি দিয়া হৈছে।