ডিজিটেল ডেস্ক, ANEWS24X7: গোধৰা সাবৰমতী এক্সপ্ৰেছ অগ্নিকাণ্ডৰ গোচৰত এজন যাবজীৱন শাস্তি পোৱা দোষীক জামিন প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে ৷ বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড আৰু ন্যায়াধীশ পি এছ নৰসিংহৰ বিচাৰপীঠে চৰ্তসাপেক্ষে জামিন প্ৰদান কৰিবলৈ নিম্ন আদালতক নিৰ্দেশ দিয়ে ৷ ১৭ বছৰ ধৰি কাৰাগাৰত আজীৱন কাৰাদণ্ড ভোগ কৰি থকা ফাৰকে পৰিস্থিতিটো বিবেচনা কৰি জামিনত মুক্তি বিচাৰিছিল ৷
গুজৰাট চৰকাৰৰ হৈ শুনানিত উপস্থিতি আছিল ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা ৷ মেহতাই জামিন আবেদনৰ বিৰোধিতা কৰি কয় যে ,‘‘ মহিলা আৰু শিশুকে ধৰি ৫৯ জন লোকক জ্বলাই দিয়াৰ দৰে জঘন্য অপৰাধত জড়িত লোকসকলক মুক্তি দিয়াৰ কোনো প্ৰয়োজন নাই ৷অপৰাধীসকলে সাবৰমতী এক্সপ্ৰেছৰ এছ-৬ কম্পাৰ্টমেণ্টৰ দুৱাৰবাহিৰৰ পৰা বন্ধ কৰি হত্যাৰ উদ্দেশ্যৰে জ্বলাই দিছিল।’’
উল্লেখ্য যে, ২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত গোধৰাৰ সাবৰমতী এক্সপ্ৰেছত কাৰ সেৱকসকলক জ্বলাই হত্যা কৰা হৈছিল ৷ ৰে’লখনৰ এছ-৬ ডবাত সংঘটিত অগ্নিকাণ্ডত কমেও ৫৯ জন লোক নিহত হৈছিল ৷ তেওঁলোকৰ বেছিভাগেই আছিল অযোধ্যাৰ পৰা উভতি অহা কাৰ সেৱক ৷ ইয়াৰ পিছতে গুজৰাটত গোষ্ঠিগত সংঘৰ্ষৰ সৃষ্টি হৈছিল ৷