ডিজিটেল ডেস্ক, ANEWS24X7: ন্যায়াধীশ নিযুক্তিৰ বাবে বৰ্তমানৰ কলেজিয়াম প্ৰণালী সলনি কৰাৰ প্ৰস্তাৱ বিবেচনা কৰা উচিত ৷ বৰ্তমান প্ৰণালীটোৰ বিষয়ে বহু প্ৰশ্ন আছে ৷ ন্যায়পালিকাৰ সৰ্বোচ্চ পৰ্যায়ত নিযুক্তি উলমি ৰৈছে ৷ সেয়া কেন্দ্ৰীয় চৰকাৰৰ বাবে নহয় ৷ পদ্ধতিটোৰ বাবে ৷
এই মন্তব্য কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৰ ৷ বৃহস্পতিবাৰে ৰাজ্যসভাত কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰ্ন ৰিজিজুৱে স্পষ্ট কৰি কয় যে ,‘‘ নতুন ব্যৱস্থা প্ৰৱৰ্তন নোহোৱালৈকে সমস্যাটো সমাধান নহ’ব ৷’’
ইয়াৰ পিছতে আইমন্ত্ৰী কিৰেন ৰিজিজুৰ মন্তব্যক সমালোচনা কৰিছে একাংশ অধিবক্তাই ৷ উল্লেখ্য যে বিগত কেইমাহমানধৰি ন্যায়াধীশ নিযুক্তিকলৈ কলেজিয়াম প্ৰণালীৰ ওপৰত ধাৰাবাহিকভাৱে প্ৰশ্ন কৰি আহিছে ৷
এই বিষয়কলৈ উচ্চতম ন্যায়ালয়ে পূৰ্বতে অসন্তুতি প্ৰকাশ কৰিছে ৷ উচ্চতম ন্যায়ালয়ে নৰেন্দ্ৰ মোডী চৰকাৰক উচ্চ ন্যায়িক পৰ্যায়ত ন্যায়াধীশ নিযুক্তি দিয়াত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল ৷