ডিজিটেল ডেস্ক, ANEWS24X7: ভোটাৰ পৰিচয়ৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰাটো বাধ্যতামূলক নহয় ৷ ভোটাৰ পৰিচয়ৰ সৈতে আধাৰ সংযোগ কৰাটো ভোটাৰসকলৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব ৷
ইয়াৰ বাবে ভোটাৰ সকলক সন্মতি ল’ব লাগিব ৷ শুক্ৰবাৰে সংসদত এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে ৷ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰৰ সৈতে আধাৰ সংযুক্ত নহ’লেও ভোটাৰ তালিকাৰ পৰা নাম বাদ দিয়া নহয় ৷

নিৰ্বাচন সংশোধনী আইন -২০২১য়ে নিৰ্বাচনী বিষয়াসকলক কেৱল পৰিচয় প্ৰমাণৰ বাবে ভোটাৰৰ আধাৰ নম্বৰ সুধিবলৈ অনুমতি দিয়া হৈছে ৷ ভোটাৰ সকলে যদি দিবলৈ ইচ্ছা প্ৰকাশ নকৰে তেন্তে নিদিবও পাৰে ৷ এই কথা স্পষ্ট কৰে আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে ৷
উল্লেখ্য যে চলিত বৰ্ষৰ ১ আগষ্টৰ পৰা ভাৰতৰ নিৰ্বাচন আয়োগে ভোটাৰ সকলৰ পৰা আধাৰ নম্বৰ সংগ্ৰহ কৰাৰ কাম আৰম্ভ কৰিছে । নাগৰিকসকলে তেওঁলোকৰ ভোটাৰ পৰিচয় পত্ৰৰ সৈতে তেওঁলোকৰ আধাৰ কাৰ্ড সংযোগ কৰাটো বাধ্যতামূলক হয় নে নহয় তাকলৈ দ্বিধাত আছিল।
