Wednesday, March 11, 2026
Homeৰাষ্ট্ৰীয়ব্যক্তিগত বিদ্যালয়ৰ নাম ভৰ্তিক লৈ দিল্লী উচ্চ ন্যায়লয়ৰ গুৰুত্বপূৰ্ণ ৰায়

ব্যক্তিগত বিদ্যালয়ৰ নাম ভৰ্তিক লৈ দিল্লী উচ্চ ন্যায়লয়ৰ গুৰুত্বপূৰ্ণ ৰায়

ডিজিটেল ডেস্ক, ANEWS24X7: দেশৰ ৰাজধানী দিল্লীৰ ব্যক্তিগত বিদ্যালয় সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় ৷ উচ্চ ন্যায়ালৰ ৰায়ে দিল্লীৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বহু সংখ্যক শিক্ষাৰ্থীক সকাহ দিছে ৷ দিল্লী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে যে দৰিদ্ৰ শিক্ষাৰ্থীসকলে দিল্লীৰ ব্যক্তিগত বিদ্যালয়লৈ গ’লে ঘূৰাই পঠিয়াব নোৱাৰিব ৷

দিল্লীৰ ব্যক্তিগত বিদ্যালয়সমূহে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থীসহ সকলো শিক্ষাৰ্থীক ভৰ্তি কৰিবলৈ বাধ্য ৷ ব্যক্তিগত বিদ্যালয় সমূহে আদালতৰ আদেশ অমান্য কৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷

উল্লেখ্য যে, শিক্ষাৰ অধিকাৰ আইনৰ অধীনত ব্যক্তিগত বিদ্যালয়ত নামভৰ্তিৰ ক্ষেত্ৰত মুঠ আসনৰ ২৫ শতাংশ আসন সামাজিক আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে সংৰক্ষিত ৷ সংশ্লিষ্ট বিদ্যালয় কৰ্তৃপক্ষই প্ৰতি বছৰে বিভাগক ব্যক্তিগত বিদ্যালয়ত নামভৰ্তিৰ বাবে উপলব্ধ আসনৰ সংখ্যাৰ বিষয়ে উপলব্ধ কৰে ৷

ইয়াৰ আধাৰত আৰ্থিকভাৱে দুৰ্বল আৰু সামাজিক সুবিধাৰ পৰা বঞ্চিত শিক্ষাৰ্থীসকলৰ নামভৰ্তিৰ বাবে ২৫ শতাংশ আসন আৱন্টন কৰা হৈছিল ৷ কিন্তু ব্যক্তিগত বিদ্যালয় সমূহে দৰিদ্ৰ শিক্ষাৰ্থী সকলৰ নাম ভৰ্তি কৰিবলৈ অস্বীকাৰ কৰিছিল

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments