Wednesday, March 11, 2026
Homeআন্তঃৰাষ্ট্ৰীয়ফুটবল বিশ্বকাপত শান্তিৰ বাৰ্তা দিবলৈ গৈ ব্যৰ্থ হ’ল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি

ফুটবল বিশ্বকাপত শান্তিৰ বাৰ্তা দিবলৈ গৈ ব্যৰ্থ হ’ল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি

ডিজিটেল ডেস্ক ANEWS24X7:  ইউক্ৰেইন-ৰাছিয়া যুদ্ধই প্ৰায় ১১ মাহ অতিক্ৰম কৰিছে ৷ বৰ্তমানেও অব্যাহত আছে যুদ্ধ ৷ এনে অস্থিৰ পৰিস্থিতিত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছিল ৷ এই বাৰ্তাটো দিবলৈ জেলেস্কিয়ে বিশ্বকাপৰ মঞ্চ বাচনি কৰিছিল ৷ জেলেনস্কিয়ে ফুটবল বিশ্বকাপৰ ফাইনেলত এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে শান্তি আৰু স্থিৰতাৰ বৰ্তা প্ৰেৰণ কৰিব বিচাৰিছিল ৷ কিন্তু জেলেনস্কিৰ এই প্ৰস্তাৱ নাকচ কৰিছে ফিফা কৰ্তৃপক্ষয় ৷

এই সন্দৰ্ভত ফিফা কৰ্তৃপক্ষয় স্পষ্ট কৰি দিয়ে যে খেলপথাৰত কোনো ৰাজনৈতিক প্ৰতিবাদ গ্ৰহণ কৰা নহ’ব ৷ যদি কোনো খেলুৱৈয়ে ৰাজনৈতিক বৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰে তেন্তে তেওঁক তৎক্ষণাত খেলপথাৰৰ পৰা বাহিৰ কৰি দিয়া হ’ব ৷ উল্লেখ্য যে ইউক্ৰেইনক আক্ৰমণ কৰাৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰীয় ফুটবল দলটোক বিশ্বকাপৰ পৰা নিষিদ্ধ কৰা হৈছিল ৷

ইয়াৰ পূৰ্বেও ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত শান্তিৰ বাবে বাৰ্তা প্ৰেৰণ কৰি আহিছে ৷ জেলেনস্কিয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে ইজৰাইলৰ আইসভাত , কান চলচিত্ৰ মহোৎসৱৰ মঞ্চত , জি-২০ সন্মিলনত শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰি আহিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments