Tuesday, July 8, 2025
Homeউত্তৰ-পূৱউত্তৰ-পূৰ্বাঞ্চলৰ পৰা শীঘ্ৰে আঁতৰোৱা হ’ব এএফএছপিএ আইন

উত্তৰ-পূৰ্বাঞ্চলৰ পৰা শীঘ্ৰে আঁতৰোৱা হ’ব এএফএছপিএ আইন

ডিজিটেল ডেস্ক, ANEWS24X7: উত্তৰ-পূৰ্বাঞ্চলৰ পৰা বিতৰ্কিত এএফএছপিএ আইন প্ৰত্যাহাৰ কৰাৰ ইংগিত দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ মেঘালয় ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এএফএছপিএকলৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে , ‘‘ উত্তৰ-পূৰ্ব ভাৰতৰ বেছিভাগ বিচ্ছিন্নতাবাদী সংগঠনে এতিয়া সন্ত্ৰাসবাদৰ পথ সলনি কৰি শান্তিৰ পথ বাছি লৈছে ৷ প্ৰতিখন ৰাজ্যতে পৰিস্থিতি স্বাভাৱিক হৈ আছে ৷ ফলস্বৰূপে মই অনুভৱ কৰো যে উত্তৰ-পূব ভাৰতত এএফএফপিএ আইনৰ কোনো প্ৰয়োজন নাই ৷

প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয় যে , ‘‘অতীতত উত্তৰ-পূব ভাৰতত শাসন কৰা সকলো ৰাজনৈতিক দলে ৰাজ্যসমূহক বিভাজন কৰিব বিচাৰিছিল। আমি উত্তৰ-পূব ভাৰতক বিভাজন কৰিব নিবিচাৰো আৰু বিভাজন নকৰো।দেশৰ এই অংশত জাতি, ধৰ্ম আৰু সংস্কৃতিৰ মিলন দেখিবলৈ পোৱা যায় ৷ ইয়াত উন্নয়নৰ প্ৰয়োজন ৷ দেশৰ এই অংশত দীৰ্ঘদিন ধৰি চলি থকা সীমান্ত সমস্যা সমাধান সম্ভৱ হৈছে ৷ এই ৰাজ্যসমূহ দেশৰ অন্তিম সীমা নহয় ৷ এই ৰাজ্যসমূহৰ পৰা দেশৰ নিৰাপত্তা আৰু উন্নয়নৰ দুৱাৰ মুকলি কৰা হ’ব ৷

উল্লেখ্য যে , বিতৰ্কিত এএফএছপিএ আইন বাতিলৰ দাবীত উত্তৰ পূৰ্বাঞ্চলত তীব্ৰ প্ৰতিবাদ হৈছিল ৷ প্ৰধানমন্ত্ৰী মোডীৰ এই বক্তব্য অনুসৰি অদূৰ ভৱিষ্যতে উত্তৰ-পূৰ্বাঞ্চল এএফএছপিএৰ পৰা মুক্ত হ’ব বুলি আশা কৰিব পৰা যায় ৷ ৰাজনৈতিক বিশ্লেষক সকলৰ মতে মেঘালয় বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক এই ভাল খবৰটো দিব পাৰে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments