ডিজিটেল নিউজ ডেক্স A NEWS 24×7 : জম্মু-কাশ্মীৰৰ পেহেলগামত দুৰ্ঘটনাত পতিত হয় আই টি বি পিৰ এখন বাহন । দুৰ্ঘটনাটোৰ ফলত ৭ জন জোৱান থিতাতে নিহত হোৱাৰ লগতে বহু কেইজন জোৱান অহত হৈছে । আহত সকলক শ্ৰীনগৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে । ইয়াৰে ভিতৰত কেইজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।
দুৰ্ঘটানাত পতিত হোৱা বাহন খন চন্দনৱাৰীৰ পৰা পহেলগামলৈ অমৰনাথ যাত্ৰাৰ সুৰক্ষাৰ কামত নিয়োজিত হৈ থকা জোৱান সকলক কঢ়িয়াই নিছিল ।
আই টি বি পিৰ এই বাহনখনত ৩৭ জন আই টি বি পিৰ জোৱান আৰু ২ জন আৰক্ষীৰ আছিল । জোৱান সকলক কঢ়িয়াই নিয়াৰ সময়তে নদীত বাগৰি পৰে। ব্ৰেক ফেইল হোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হৈছিল বুলি অনুমান কৰা হৈছে ।