ডিজিটেল ডেস্ক, ANEWS24X7: আৰক্ষী চকীত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ ৷ সন্ত্ৰাসবাদীয়ে লুটি নিলে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ ৷এই ঘটনা সংঘটিত হৈছে পাকিস্তানৰ দক্ষিণ ৱাজিৰিস্তানৰ এখন আৰক্ষী চকীত ৷ ৫০ জনীয়া এটা উগ্ৰপন্থীৰ দলে আক্ৰমণ কৰে আৰক্ষী চকীত ৷ উগ্ৰপন্থীৰ দলটোৱে নিশা ১ বজাত ৰকেট লাঞ্চাৰেৰে আক্ৰমণ কৰিছিল ৷
উগ্ৰপন্থীৰ দলটোৱে আৰক্ষীৰ বাহনৰ লগতে বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ লুটি নিয়ে ৷ এই সংঘৰ্ষত এজন আৰক্ষী কনিষ্টবল আহত হোৱাৰ লগতে এজন সন্ত্ৰাসবাদী নিহত হৈছে ৷ আহত আৰক্ষীৰ জোৱানজনৰ নাম ইলিয়াছ । সম্প্ৰতি ৱানা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰক্ষী জোৱানজন ৷ আৰক্ষী চকীত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
সম্প্ৰতি সমগ্ৰ অঞ্চলটোত পাকিস্তানৰ অৰ্ধসামৰিক ফ্ৰণ্টিয়াৰ কৰ্পছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ৷ থানাখনত বৰ্তমান সুসজ্জিত ১০০ জন আৰক্ষী নিয়োগ কৰা হৈছে ৷ এই ঘটনাৰ আঁৰত তেহৰিক-ই-তালিবান পাকিস্তান জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ তেহৰিক-ই-তালিবানে পাকিস্তানৰ চৰকাৰৰ সৈতে যুদ্ধ বিৰতি ভংগ কৰি পুনৰ বিভিন্ন প্ৰান্তত কুটাঘাত সংঘটিত কৰি আহিছে ৷