Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়পুনৰ পদত্যাগ কৰিলে আন এজন জ্যেষ্ঠ কংগ্ৰেছী নেতাই

পুনৰ পদত্যাগ কৰিলে আন এজন জ্যেষ্ঠ কংগ্ৰেছী নেতাই

নেশ্যনেল ডেস্ক, ANEWS4X7: বিপদে লগ এৰা নাই কংগ্ৰেছ দলক । ইতিহাসে গৰকা এই ৰাজনৈতিক দলটোৰ বিপদৰ সময়ত এতিয়া লগ এৰিছে ইজনৰ পিছত সিজন জ্যেষ্ঠ নেতাই । পদত্যাগ কৰিয়েই বিজেপি নতুবা অন্য ৰাজনৈতিক দললৈ ধাপলি মেলিছে একাংশ নেতাই । এনে পৰিস্থিতিত দলটোত অভাৱ হৈছে নেতৃত্ব লবলৈ পৰা বলিষ্ঠ নেতাৰ । ইয়াৰ মাজতে দলটোৰ আন এজন জ্যেষ্ঠ নেতা তথা দলটোৰ অন্যতম গুৰুত্বপূৰ্ণ মুখ গোলাম নবী আজাদে লৈছে এক বিশেষ সিদ্ধান্ত ।

জেষ্ঠ নেতাজনে জম্মু–কাশ্মীৰ কংগ্ৰেছ প্ৰচাৰ সমিতিৰ সভাপতি পদৰ লগতে জম্মু–কাশ্মীৰত কংগ্ৰেছৰ ৰাজনৈতিক বিষয়ৰ সমিতিৰ সদস্য পদৰ পৰা পদত্যাগ কৰে। নেতাজনৰ এই সিদ্ধান্তত বিবুধিত পৰিছে এতিয়া দলটো । স্বাস্থ্যজনিত কাৰণতে পদত্যাক কৰিছো বুলি উল্লেখ কৰিছে কংগ্ৰেছৰ জেষ্ঠ নেতাজনে । গোলাম নবী আজাদে জম্মু–কাশ্মীৰ কংগ্ৰেছ প্ৰচাৰ সমিতিৰ সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ কথাটো সহজ ভাবে লব পৰা নাই ৰাজনৈতিক মহলে ।

উল্লেখ্য যে ২০২১ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত গোলাম নবী আজদৰ ৰাজ্যসভাৰ কাৰ্যকাল অন্ত পৰিছিল ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments