নেশ্যনেল ডেস্ক ANEWS 24×7: বুধবাৰে পুৱতি নিশা প্ৰায় ২.৩০ বজাত মহাৰাষ্ট্ৰৰ গণ্ডিয়াত এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হয় । যাত্ৰীবাহী ৰে’ল আৰু মালবাহী ৰে’লৰ মাজত হোৱা সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটো । দুৰ্ঘটনাটোৰ ফলত যাত্ৰীবাহী ৰে’লখনৰ তিনিটা ডবা লাইনচ্যুত হোৱা বুলি জানিব পৰা গৈছে ।
দুৰ্ঘটনাটোৰ ফলত ৫০ জন যাত্ৰী কম বেছি পৰিমানে আহত হৈছে । যাত্ৰীবাহী ৰে’লখন ছত্তীশগড়ৰ বিলাসপুৰৰ পৰা ৰাজস্থানৰ যোধপুৰলৈ গৈ আছিল । আহত যাত্ৰীসকলক ততাতৈয়াকৈ গোণ্ডিয়াৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।