Friday, November 8, 2024
Homeৰাজনৈতিকবিধানসভাত অক্সিজেন চিলিণ্ডাৰ লৈ প্ৰৱেশ বিধায়কৰ

বিধানসভাত অক্সিজেন চিলিণ্ডাৰ লৈ প্ৰৱেশ বিধায়কৰ

 

ডিজিটেল ডেস্ক, ANEWS24X7:  দিল্লী বিধানসভাত বিজেপি বিধয়কৰ অভিনৱ প্ৰতিবাদ ৷ দিল্লীৰ প্ৰদূৰ্ষণৰ বিৰুদ্ধে অক্সিজেন চিলিণ্ডাৰ লৈ প্ৰতিবাদত নামিল বিজেপি বিধায়ক সকল ৷

সোমবাৰে দিল্লী বিধানসভাত শাসকীয় আম আদমী পাৰ্টী আৰু বিজেপি বিধায়কৰ মাজত তীব্ৰ বিতৰ্কৰ সৃষ্টি হয় ৷ প্ৰতিবাদী বিজেপি বিধায়ক সকলে কয় যে ,‘‘ বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি দিল্লী পৃথিৱীৰ আটাইতকৈ প্ৰদূষিত চহৰলৈ পৰিণত হৈছে ৷ দিল্লীক প্ৰদূৰ্ষণমুক্ত কৰিবলৈ দিল্লীৰ আপ চৰকাৰে কি কৰিছে সেয়া স্পষ্ট কৰিব লাগিব ৷’’

বিজেপি বিধায়ক সকলে অক্সিজেন চিলিণ্ডাৰ লৈ বিধানসভাত প্ৰৱেশ কৰে ৷ দিল্লী বিধানসভাৰ অধ্যক্ষ ৰাম নিৱাস গোৱেলে বিজেপি বিধায়ক সকলে নিৰাপত্তা থকাৰ পিছতো অক্সিজেন চিলিণ্ডাৰ লৈ বিধানসভাত কেনেকৈ প্ৰৱেশ কৰিলে বুলি প্ৰশ্ন কৰে ৷

ইয়াৰ পিছতে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টীৰ চৰকাৰৰ কামকাজত লেফটেনেন্ট গভৰ্ণৰ ভি কে চেক্সেনাৰ হস্তক্ষেপৰ অভিযোগত বিধানসভাত আপ আৰু বিজেপি বিধায়ক সকলৰ মাজত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ ইয়াৰ ফলত স্থগিত ৰখোৱা হয় বিধানসভা ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments