ডিজিটেল ডেস্ক, ANEWS24X7:ইটালীৰ কালাব্ৰিয়া অঞ্চলৰ উপকূলীয় চহৰ ক্ৰ’টনৰ সমীপৱৰ্তী স্থানত ১৫০ জন লোকক লৈ অৱতৰণ কৰিবলৈ চেষ্টা কৰি থকোতে অতিৰিক্ত বোজা বহন কৰা ফলত যাত্ৰীবাহী নাওখন ভাঙি যায়।ইপিনে ১২টা শিশুকে ধৰি কমেও ৫৯ জন প্ৰব্ৰজনকাৰীৰ মৃত্যু হোৱাৰ লগতে বহুকেইজন প্ৰব্ৰজনকাৰীৰ নাওখন দক্ষিণ ইটালীৰ সাগৰৰ প্ৰবল জোৱাৰত ডুব যোৱাৰ আশংকা কৰা হৈছে।
ইপিনে কাষৰীয়া এখন সাগৰৰ পাৰৰ ৰিজ’ৰ্টৰ উপকূলৰ পৰা উদ্ধাৰ কৰা হৈছে বহুতৰ মৃতদেহ। সংঘাত আৰু দৰিদ্ৰতাৰ পৰা পলায়ন কৰা বৃহৎ সংখ্যক লোকে প্ৰতি বছৰে আফ্ৰিকাৰ পৰা ইটালীলৈ প্ৰব্ৰজিত হৈ যায়।ইটালীৰ আনছা সংবাদ সংস্থাই প্ৰকাশ কৰিছে যে মৃতসকলৰ মাজত মাত্ৰ কেইমাহমান বয়সৰ বুলি অনুমান কৰা এটা কেঁচুৱাও আছে।
সেই স্থান পৰিদৰ্শন কৰা স্বৰাজ মন্ত্ৰী মেটিঅ’পিয়ান্টেড’ছিয়ে কয় এতিয়াও ৩০ জন লোক নিৰুদ্দেশ হৈ থাকিব পাৰে।