ডিজিটেল ডেস্ক ANEWS24X7: কাৰ্ণাটকৰ হুব্বালি-ধাৰৱাড পৌৰ নিগমৰ চামৰাজনগৰ ইদগাহ খেলপথাৰত গণেশ পূজাৰ অনুমতি প্ৰদান । কৰ্ণাটক উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে এই অনুমতি । কৰ্ণাটক উচ্চ ন্যায়ালয়ে এই অনুমতি প্ৰদান কৰাৰ পিছত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হৈছিল ৱাকফ বৰ্ড । উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ক স্থিতাৱস্থা বৰ্তাই ৰাখিবলৈ ৰায় প্ৰদান কৰে ।
ইয়াৰ পিছতে কৰ্ণাটক উচ্চ ন্যায়ালয়ে মঙলবাৰে নিশা এক শুনানি গ্ৰহণ কৰি পূৰ্ৱৰ নিৰ্দেশকে বাহল ৰাখে । কৰ্ণাতক উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত কয় যে , চামৰাজনগৰ ইদগাহ খেলপথাৰ ভূমি চৰকাৰী । এই ভূমিত চৰকাৰৰ সম্পূৰ্ণ অধিকাৰ আছে । আবেদনকাৰীয়ে ইয়াক ব্যৱহাৰৰ বাবে চৰকাৰৰ পৰা লিজতহে লৈছে ।
উল্লেখ্য যে, হুব্বালি-ধাৰৱাড পৌৰ নিগমে চামৰাজনগৰ ইদগাহ খেলপথাৰত গণেশ পূজাৰ অনুমতি প্ৰদান কৰিছিল । ইয়াৰ পিছতে ইয়াৰ বিৰোধীতা কৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্ত হৈছিল ৱাকফ বৰ্ড । পৰবৰ্তী সময়ত উচ্চতম ন্যায়ালয়তো ইয়াৰ বিৰুদ্ধে আবেদন কৰিছিল ৱাকফ বৰ্ডে ।