ডিজিটেল ডেস্ক ANEWS24X7: যদি আপুনি ৰোগ এটাৰ প্ৰাৰম্ভিক লক্ষণ সমূহ ধৰা পেলাব পাৰে তেন্তে ৰোগটোৰ পৰা সাৱধান হ’ব পাৰিব ৷ লগতে ইয়াৰ প্ৰতিকাৰৰ বাবে চিকিৎসকৰ পৰামৰ্শও লব পাৰিব ৷ ডায়বেটিচ ইনচিপিডাছ এনে এক ৰোগ যি সাধাৰণ ডায়বেটিচ ৰোগতকৈ কিছু পৃথক ৷ শৰীৰত ভেপ্ৰেছিন নামৰ এবিধ হৰমনৰ ভাৰসাম্য হেৰুৱাৰ ফলত হয় এই ৰোগবিধ ৷
এই ৰোগবিধ হলে প্ৰস্ৰাৱ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি হয় ৷ ফলস্বৰূপে ৰোগী জনৰ প্ৰস্ৰাৱৰ গতি বৃদ্ধি পায় ৷ ৰোগবিধ বৃদ্ধি পালে এজন ৰোগীয়ে দিনে প্ৰায় ২০ লিটাৰ পৰ্যন্ত প্ৰস্ৰাৱ কৰিব লগীয়া হয় ৷ ইয়াৰ সমান্তৰালকৈ ৰোগীজনৰ তৃষ্ণা বৃদ্ধি পায় ৷ ফলত ৰোগীজন অধিক পানী খাবলৈ বাধ্য হয় ৷
এনে ধৰণৰ লক্ষণ দেখা দিলে ৰোগী সকলক সাধাৰণতে কিছু সময়ৰ বাবে পানী খোৱাত বাধা দিয়া হয় ৷ তাৰ পিছত চিকিৎসকে প্ৰস্ৰাৱ আৰু তেজত তৰলৰ পৰিমাণ পৰীক্ষা কৰাই ৷ ৰোগবিধ চিনাক্ত হলে চিকিৎসকে ৰোগীজনক কৃত্ৰিম ভাবে ভেচোপ্ৰেছিন হৰমন উৎপাদনৰ বাবে ঔষধ প্ৰদান কৰে ৷ এই ঔষধ নাকত স্প্ৰে , টেবলেট বা বেজীৰ জৰিয়তে ৰোগী জনক প্ৰদান কৰা হয় ৷
এনেধৰণৰ লক্ষণ সমূহ দেখা দিলে অতি সোনকালে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতিকৈ প্ৰয়োজন ৷ সময়ত সঠিক চিকিৎসা নকৰিলে এই ৰোগবিধে অধিক ভয়াবহ ৰূপধাৰণ কৰিব পাৰে ৷ কিছু কিছু ক্ষেত্ৰত ৰোগাজনৰ মৃত্যুও হ’ব পাৰে ৷ এনে ৰোগৰ লক্ষণ দেখিলে সাৱধান হোৱাটো অতিকৈ প্ৰয়োজন ৷