ডিজিটেল ডেস্ক, A NEWS 24×7 : বৃহস্পতিবাৰে ৰাম নৱমীৰ কাৰ্যসূচীত অঘটন কাৰ্যসূচী চলি থকাৰ মাজতে খহি পৰিল মন্দিৰৰ চাদ৷ ইন্দোৰৰ পেটেল নগৰ অঞ্চলত অৱস্থিত বেলেশ্বৰ মহাদেৱ ঝুলেলাল মন্দিৰত সংগঠিত হৈছে এই দুৰ্ঘটনা৷ চাদ খহি কুৱাত পৰে ২০ জনৰো অধিক লোক।
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া, আৰক্ষী, আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ এটা বিশাল দলে উদ্ধাৰ অভিযান আৰম্ভ কৰে। বৰ্তমান সময়লৈকে দুৰ্ঘটনাত ১৩ জনৰ মৃত্যু হোৱাৰ লগতে ১৯ জন লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷