ডিজিটেল ডেস্ক, A NEWS 24×7 : চুৰাটৰ সত্ৰ ন্যায়াধীশৰ আদালতত ৰাহুল গান্ধীয়ে অন্তৰ্ৱতীকালীন স্থগিতাদেশ বিচৰি দাখিল কৰা আবেদন খাৰিজ। ‘মোডী উপাধি’ৰ মন্তব্যক লৈ ২০১৯ চনৰ অপৰাধমূলক মানহানিৰ গোচৰত কংগ্ৰেছ নেতাগৰাকী দোষী সাব্যস্ত হোৱাৰ ওপৰত অন্তৰ্ৱতীকালীন স্থগিতাদেশৰ বিচাৰি ৰাহুল গান্ধীয়ে দাখিল কৰিছিল আবেদন। চুৰাট আদালতৰ এই নিৰ্দেশৰ বিৰুদ্ধে এতিয়া গুজৰাট উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত আবেদন কৰিব লাগিব প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।
ইয়াৰ পূৰ্বে ৩ এপ্ৰিলত চুৰাটৰ সত্ৰ ন্যায়াধীশৰ আদালতে এই গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত আবেদন দাখিল কৰা কংগ্ৰেছ নেতাগৰাকীক জামিন মঞ্জুৰ কৰিছিল।
উল্লেখ্য যে, দোষী সাব্যস্ত হোৱাৰ পিছত ২০১৩ চনত উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি ২৪ মাৰ্চত ৰাহুলক সাংসদ হিচাপে অযোগ্য ঘোষণা কৰিছিল। এই ৰায়ৰ অধীনত যিকোনো সাংসদ বা বিধায়ক দোষী সাব্যস্ত হৈ দুবছৰ বা তাতকৈ অধিক কাৰাদণ্ড পালে স্বয়ংক্ৰিয়ভাৱে অযোগ্য ঘোষণা কৰা হয়।
দেশৰ লোকসভা ন্যায়ালয়ে সাংসদ পদ খাৰিজ কৰিছিল নেতা গৰাকীৰ। পৰৱৰ্তী ৮ বছৰ পৰ্যন্ত নেতা গৰাকীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। যাৰ বাবে সমগ্ৰ দেশতে কংগ্ৰেছে সাব্যস্ত কৰিছিল প্ৰতিবাদ।