ডিজিটেল ডেস্ক ANEWS24X7: মাইক্ৰছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছলৈন বোম্বাই উচ্চ ন্যায়ালয়ে জাৰি কৰিছে জাননী ৷ কভিশ্বিল্ড ভেকছিন গ্ৰহণ কৰাৰ পিছতে মৃত্যু হৈছিল ঔৰঙ্গাবাদৰ এগৰাকী মহিলা চিকিৎসক ৷ ইয়াৰ পিছতে বোম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চাপে মৃত চিকিৎসক গাৰাকীৰ পিতৃ দিল্লীপ লুনাৱতে ৷
কভিশ্বিল্ড ভেকছিনৰ পাৰ্শ্বক্ৰিয়াৰ বাবে কিশোৰী গৰাকীৰ মৃত্যু হোৱাৰ দাবী উত্থাপন কৰি চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু মাইক্ৰছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছৰ বিৰুদ্ধে ১,০০০ কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰি এক গোচৰ ৰুুজু কৰিছে ৷ এই গোচৰৰ ভিত্তিত বোম্বাই উচ্চ ন্যায়ালয়ে মাইক্ৰছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছৰ পৰা উত্তৰ বিচাৰি এক জাননী প্ৰেৰণ কৰিছে৷দিলীপ লুনাৱতৰ এই আবেদনত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় আৰু এইমছৰ সঞ্চালকৰ ডিচিজিআইৰ অধ্যক্ষ ভি জি সোমানি আৰু এইমছৰ অধ্যক্ষৰ নাম ।
এই সন্দৰ্ভত দিল্লীপ লুনাৱতে আদালতত কয় যে ,‘‘মোৰ ছোৱালী গৰাকী ধামাঙ্গাওঁৰ এছএমবিটি দন্ত মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসক হিচাপে কৰ্মৰত আছিল৷ প্ৰতিষ্ঠানখনৰ সকলো স্বাস্থ্যকৰ্মীক বিগত বৰ্ষৰ ২৮ জানুৱাৰীত টিকাকৰণ কৰা হৈছিল ৷ ইয়াৰ পিছতে ১ মাৰ্চত তেওঁৰ মৃত্যু হয় ৷ চৰকাৰে প্ৰতিষেধকবোৰ সুৰক্ষিত বুলি আশ্বাস দিছিল ৷ ইয়াৰ পিছতো মোৰ ছোৱালী গৰাকীৰ কেনেকৈ মৃত্যু হ’ল ৷’’