Tuesday, July 8, 2025
Homeআন্তঃৰাষ্ট্ৰীয়সাংবাদিক হত্যাৰ দ্বায়িত্ব স্বীকাৰ ইজৰাইলৰ

সাংবাদিক হত্যাৰ দ্বায়িত্ব স্বীকাৰ ইজৰাইলৰ

ডিজিটেল ডেস্ক ANEWS24X7: অৱশেষত সাংবাদিক হত্যাৰ দ্বায়িত্ব স্বিকাৰ কৰিলে ইজৰাইলে ৷ সন্ত্ৰাসবাদী বুলি ভাবি গুলীয়াই হত্যা কৰা হৈছিল সাংবাদিকক ৷ যোৱা ১১ মে তাৰিখে জেনিন চহৰত ইজৰাইলী সামৰিক অভিযানৰ সময়ত গুলীয়াই হত্যা কৰা হৈছিল সাংবাদিক শিৰিন আবু আক্লেহক ৷

এই ঘটনা সংঘটিত হোৱাৰ পিছতে মৃত সাংবাদিকজনৰ পৰিয়ালে ঘটনাটোৰ তদন্তৰ দাবী জনাইছিল । পিছে প্ৰথম অৱস্থাত সমগ্ৰ ঘটনাটোৰ দ্বায়িত্ব অস্বীকাৰ কৰে ইজৰাইলে ৷ কিন্তু উক্ত ঘটনাৰ প্ৰত্যক্ষদৰ্শী সকলৰ মতেদি বাতৰিটো কভাৰ কৰাৰ সময়ত সংবাদিক গৰাকীক গুলীয়াই হত্যা কৰা হৈছিল । প্ৰত্যক্ষদৰ্শীয়ে এইটোও দাবী কৰে যে গুলীটো সংবাদিক গৰাকীৰ মূৰত আঘাত কৰিছিল।

অৱশ্যে, ইজৰাইলী কৰ্তৃপক্ষই প্ৰথম অৱস্থাত দাবী কৰিছিল যে সাংবাদিকজনক ফিলিস্তিনি গোটে গুলীয়াই হত্যা কৰিছিল। সাংবাদিকজনৰ মৃত্যুৰ দায়িত্ব অস্বীকাৰ কৰি তদন্তৰ সম্ভাৱনা অস্বীকাৰ কৰিছিল । পিছলে ঘটনাটোকলৈ সমগ্ৰ বিশ্বতে এক বিতৰ্কৰ সৃষ্টি হয় ৷ এনে পৰিস্থিতিৰ মাজত অৱশেষত ইজৰাইলে সাংবাদিক জনক হত্যা কৰাৰ দ্বায়িত্ব স্বীকাৰ কৰে ।

ইজৰাইলৰ এজন শীৰ্ষ সামৰিক বিষয়াই এই সন্দৰ্ভত কয় যে , ‘‘কোন জন বন্দুকধাৰীয়ে সাংবাদিকক হত্যা কৰিছিল সেয়া নিৰ্দিষ্ট কৰাটো সম্ভৱ নহয় । ইজৰাইলী সেনাই ভুলবশতঃ শিৰিনক সন্ত্ৰাসবাদী বুলি ভাবি গুলীয়াইছিল ।’’ উক্ত ঘটনাকলৈ ইজৰাইলৰ শীৰ্ষ সামৰিক বিষয়াজনে ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰিছে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments